নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘প্রমোদ বড়োৱে একেদিনাই ৰত্নাকৰৰ পৰা বাল্মীকি হ’ব নোৱাৰে’

নিয়মীয়া বার্তা, ৩০ জুনঃ ক’ভিড–১৯ৰ বাবে বিটিচি নির্বাচনৰ দিন–বাৰ ঠিক নহ’লেও সর্বাত্মক ৰূপত নির্বাচনী প্রচাৰ চলাই আহিছে ৰাজনৈতিক দলবোৰে৷ বিপিএফ, বিজেপি, ইউ পি পি এল আৰু কংগ্রেছ, গণ সুৰক্ষা পার্টীয়ে নির্বাচনী তৎপৰতা চলোৱা পৰিলক্ষিত হৈছে৷ ইয়াৰ মাজতে আজি কোকৰাঝাৰৰ সাংসদ তথা গণ সুৰক্ষা পার্টীৰ সভাপতি নৱ শৰণীয়াই সংবাদ মাধ্যমৰ আগত বিটিচি নির্বাচন সর্ম্পকত কয় যে প্রমোদ বড়ো একেদিনাই ৰত্নাকৰৰ পৰা বাল্মীকি হ’ব নোৱাৰে৷ ৰাজনীতিলৈ অহাৰ আগতে প্রমোদ বড়োৱে সাধনা কৰিব লাগিব আৰু সময়ৰ প্রয়োজন আছে বুলি সাংসদ শৰণীয়াই উল্লেখ কৰে৷

সাংসদ শৰণীয়াই সমাগত বিটিচি নির্বাচনত নহয় ২০২৫ চনতহে প্রমোদ বড়োৰ সপোন বাস্তৱ হ’ব বুলিও ভৱিষ্যদ্বাণী কৰে৷ বিটিচি নির্বাচনত গণ সুৰক্ষা পার্টীয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি সাংসদ শৰণীয়াই দাবী কৰাৰ লগতে ২৫–৩০খন আসন লাভ কৰা গণ সুৰক্ষা পার্টীৰ নেতৃত্বতে বিটিচি পৰিষদ গঠন কৰিব বুলিও মন্তব্য কৰে৷ গণ সুৰক্ষা পার্টী অবিহনে বিটিচিত বসবাস কৰা জাতি–জনগোষ্ঠী কোনোদিনে সুৰক্ষিত নহ’ব বুলি উল্লেখ কৰি সাংসদ শৰণীয়াই কয় যে গাঁও কর্তনৰ পৰা উন্নয়নলৈ, বিকাশৰ পৰা ভূমি অধিকাৰলৈ একমাত্র গণ সুৰক্ষা পার্টীৰ দ্বাৰাহে সম্ভৱ৷ বিটিচিত বিজেপি দলে নির্বাচনত অৱতীর্ণ হ’লেও দুই–এখনৰ বাহিৰে আসন নাপাই বুলি উল্লেখ কৰি ইউ পি পি এলে দুই–তিনি আসন পালেও পৰিষদ গঠন কৰিব নোৱাৰে বুলি মন্তব্য কৰে৷ গণ সুৰক্ষা পার্টীৰ প্রতিদ্বন্দ্বী নাই বুলি দাবী কৰি সাংসদ শৰণীয়াই দুই–এটা সমষ্টিত বিপিএফ আৰু ইউ পি পি এলৰ লগত প্রতিদ্বন্দ্বিতা হ’ব বুলি মত প্রকাশ কৰে৷ পৰিৱর্তনৰ নামত যাতে কোনেও ভুল নকৰে ইয়াৰ বাবে সকলোকে সজাগ আৰু সচেতন হৈ থাকিবলৈ সাংসদগৰাকীয়ে আহ্বান জনায়৷ গণ সুৰক্ষা পার্টী ক্ষমতালৈ আহিলে দুর্নীতিৰ লগত জড়িত ৰৌ–বৰালিৰ লগতে পুঠি–খলিহনাকো ৰেহাই নিদিব বুলি মন্তব্য কৰে শৰণীয়াই৷

You might also like