নগাবাটত কৃষক মুক্তি-ছাত্ৰ মুক্তিৰ মানৱ শৃংখল; অখিল গগৈ সহ সতীৰ্থৰ উন্নত চিকিৎসা আৰু মুক্তিৰ দাবী
নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ ভুৱা ৰাষ্ট্ৰদোহৰ গোচৰত কাৰাৰুদ্ধ হৈ থকা কৃষকনেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ, মানস কোঁৱৰ আৰু বিতু সোণোৱালৰ উন্নত চিকিৎসাৰ লগতে বিনাচৰ্তে মুক্তিৰ দাবীত আজি তিতাবৰ মহকুমাৰ নগাবাট মিলনভূমিত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে যৌথভাৱে মানৱ শৃংখল প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰে।
আজি দিনৰ এঘাৰ বজাত মিলনভূমিত প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত কৃষক মুক্তি সদস্যসকলে স্থানীয় ৰাইজৰ সহযোগত প্ৰথমে হাতে হাতে প্লেকাৰ্ড লৈ অখিল গগৈ সতীৰ্থক উন্নত চিকিৎসা প্ৰদান কৰক, অসুস্থ কৃষক নেতাসকলক বিনাচৰ্তে মুক্তি দিয়ক, বিজেপিৰ হিটলাৰী শাসন নচলিব আদি শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে।
মানৱ শৃখল কাৰ্যসূচীৰ ৰূপায়ন সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তিতাবৰ মহকুমাৰ সম্পাদক তপন ফুকন আৰু ছাত্ৰ মুক্তিৰ নেতা অংকুৰ সোনোৱালে কয় যে বিজেপি চৰকাৰৰ সাম্প্ৰদায়িক ৰাজনীতিৰ আৰু ‘কা’ আইনৰ বিৰোধিতা কৰি স্বৰূপ উদঙাই দিয়াৰ বাবে সৰ্বানন্দ সোণোৱাল চৰকাৰখনে ভয় খাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ, মানস কোঁৱৰ আৰু বিতু সোণোৱালক ভুৱা ৰাষ্ট্ৰদোহৰ গোচৰত দীৰ্ঘ দিন ধৰি কাৰাৰুদ্ধ কৰি ৰাখিছে। অখিল গগৈয়ে অসম আৰু অসমীয়া জাতিৰ হকে মাত মতাটো কেতিয়াও অপৰাধ হব নোৱাৰে। অখিল গগৈ আৰু তেওঁৰ সতীৰ্থক উন্নত চিকিৎসা প্ৰদান নকৰাতো মানৱাধিকাৰ খৰ্ব আৰু চূড়ান্ত অন্যায় হৈছে। এতিয়া অসমৰ ৰাইজে বিজেপিৰ আচল স্বৰূপ বুজি পাইছে। ২০২১ চনৰ নিৰ্বাচনত অসমৰ জনগণই ইয়াৰ প্ৰত্যুত্তৰ দিব বুলি নেতাদ্বয়ে স্পষ্ট কৰি দিয়ে।