অসমত সাংস্কৃতিক বিপ্লৱ গঢ়িবলৈ যত্ন কৰিছিল শ্রীমন্ত শংকৰদেৱে
নগাঁও মহাবিদ্যালয়ত বত্তৃণতানুষ্ঠানত দিগন্ত বিশ্ব শর্মা
নিয়মীয়া বাৰ্তা ২৪ নৱেম্বৰঃ ‘মানুহ সার্বজনীনভাৱে আজিও বিশুদ্ধ বুদ্ধিৰ অধিকাৰী হ’ব পৰা নাই৷ বুদ্ধিৰ পিছৰ স্তৰটো হৈছে আত্মা৷ এটা সময়ত বত্তৃণতা মোৰ প্রবৃত্তি আছিল৷ বত্তৃণতা মোৰ সাধনাৰ অংশ৷’ এই বক্তব্য শ্রী অৰবিন্দ, ৰামকৃষ্ণ আৰু বিবেকানন্দৰ অনুৰাগী, সাহিত্য অকাডেমি বঁটাপ্রাপক দিগন্ত বিশ্ব শর্মাৰ৷ আজি নগাঁও মহাবিদ্যালয়ে আজাদীৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি শিক্ষানুষ্ঠানখনৰ আশ্বাসন কোষ আৰু বিবেকানন্দ অধ্যয়ন কেন্দ্রৰ সহযোগত আয়োজন কৰা শ্রী অৰবিন্দৰ আলোকত কলা, কাব্য আৰু সাহিত্যৰ মূল্য তথা তাৎপর্য বিষয়ক বত্তৃণতা প্রদান কৰি দিগন্ত বিশ্ব শর্মাই কয়, ‘আমি সকলোৱে কাব্য–সাহিত্যৰ সৈতে জড়িত৷’ ভাৰত বর্ষৰ সংস্কৃত যুগৰ মহাকবি কালিদাসৰ পিছতেই সাহিত্যিক ভর্তৃহৰিৰ নীতি শ্লোকৰ উদ্ধৃতি দি শর্মাই কয়, ‘সাহিত্য, সংগীত, কলাবিহীন জন সাক্ষাৎ পশুতুল্য’৷
অন্তৰৰ অনুভূতি হৈছে শিল্পকলাৰ প্রথম প্রেৰণা৷ শিল্পকলা হৈছে মানুহৰ অন্তৰাত্মাৰ স্পন্দন, নান্দনিক চেতনাৰ প্রকাশ আৰু সত্য–সুন্দৰৰ অভিব্যক্তি৷ সত্য সুন্দৰৰ মাজৰ লাৱণ্যৰ তৰংগই শিল্পীৰ প্রাণত যেতিয়া আঘাত দিয়ে, তেতিয়াই সৃজন বা সৃষ্টিয়ে দেখা দিয়ে৷ কাব্য আৰু সাহিত্য হ’ল বহুমুখী আৰু সাৱলীল প্রকাশ৷ প্রকৃতিয়ে যি সংগোপনে ৰাখিছে সেই গোপনীয়তা, মানুহৰ মাজত অভিব্যক্ত কৰাই হৈছে শিল্পকলাৰ দায়িত্ব৷ প্রেৰণা, সৌন্দর্য আৰু আনন্দ হৈছে শিল্পকলা, সাহিত্য আৰু কাব্যৰ শক্তি৷
তেওঁ পুনৰ কয়, ‘ৰামায়ণ, মহাভাৰতৰ দৰে মহাকাব্য বাৰে বাৰে পঢ়ি আমি নান্দনিক অনুভূতিৰ দ্বাৰা ৰোমাঞ্চিত হওঁ৷ কিন্তু ২০ বছৰৰ পূর্বে জ্ঞানপীঠ বঁটাপ্রাপ্ত এখন গ্রন্থ পঢ়ি আমি তেনেদৰে ৰোমাঞ্চিত নহ’বও পাৰোঁ৷’ প্রসংগক্রমে শর্মাই আধুনিক বিশ্বৰ কথা উল্লেখ কৰি কয়, ‘বর্তমান বিশ্ব দুটা পাশ্চাত্য ধাৰণাৰ দ্বাৰা পৰিচালিত হৈছে৷ এটা হৈছে ধ্রুৱবাদ আৰু আনটো হৈছে উপযোগিতাবাদ৷ এই দুটা দর্শনে আধুনিক মানুহক পৰিচালিত কৰি আহিছে৷ অতীতত পৃথিৱীখন মানুহৰ সাধনাৰ ক্ষেত্র আছিল৷ আধুনিক বিশ্বত এক ধৰণৰ মহিমামণ্ডিত উঁই হাফলু আৰু মৌচাকলৈ পৰিণত হৈছে৷’ তেওঁ লগতে কয়, ‘মানুহৰ নূ্যনতম প্রয়োজনীয়তাখিনি হ’ল অন্ন, বস্ত্র, বাসস্থান আৰু দৈহিক প্রয়োজনীয়তা৷’ লগতে তেওঁ কয়, ‘ধ্বংসৰ মাজেৰেহে সৃষ্টি হয়৷’ শ্বেইক্সপীয়েৰৰ কথা উল্লেখ কৰি তেওঁ কয়, ‘সৃষ্টিৰ সময়ত তেওঁ বিশাল মহিমাৰ অধিকাৰী, কিন্তু আন সময়ত তেওঁ এজন সাধাৰণ মানুহ৷’ প্রাচীন দাস ব্যৱস্থাৰ কথা উল্লেখ কৰি তেওঁ কয়, ‘এচাম সাধাৰণ মানুহে বিত্তৱান লোকৰ সেৱা কৰি নিজৰ অন্ন, বস্ত্র, বাসস্থানৰ পথ মুকলি কৰিছিল৷ এই ব্যৱস্থাৰ পিছতে সমগ্র বিশ্বজুৰি এক বিপ্লৱ হৈছিল৷
স্বাধীনতা, সমতা, ভাতৃত্ব আদি নানা ধৰণৰ অধিকাৰৰ বাবে আন্দোলন হৈছিল৷ তাৰ সমানে সমানে মানুহৰ মাজত এটা বৃত্তিৰ আৱির্ভাব হৈছিল৷ সেইটো হৈছে হূদয় বৃত্তি আৰু তাৰ সমানে সমানে আগবাঢ়ি গৈছে দর্শন, ধর্ম আৰু নীতিৰ৷ এই দুয়োটা বৃত্তিৰ যুগলবন্দীত মানুহৰ চিন্তা জগতত বহু পৰিৱর্তন আহিছে৷’ তেওঁ লগতে কয়, ‘আধুনিক মানুহৰ এটা প্রবৃত্তি হৈছে যে সুন্দৰৰ মূল্য গ্রাস কৰি উপযোগিতাৰ প্রতি গুৰুত্ব আৰোপ কৰা৷ সংস্কৃতিৰ সুদীর্ঘকালীন ঐতিহ্যৰ প্রতি কর্তৃত্বপূর্ণভাৱে গুৰুত্ব প্রদান কৰা৷ যাক মহাযোগীয়ে কৈছে যে এইয়া নান্দনিক উপলব্ধিৰ উদাৰ প্রশিক্ষণ৷’ তেওঁ লগতে কয়, ‘ভাৰতবর্ষ কিন্তু অর্থসর্বস্ব তথা প্রাণহীন শিক্ষাৰ পৰিণতি স্বৰূপে ভাৰতীয় জাতি নিজৰ সমস্ত প্রাচীন ঐতিহ্য তথা সংস্কৃতিৰ পৰা বিচ্ছিন্ন হৈ পৰিছে৷’ প্রসংগক্রমে তেওঁ কয়, ‘সাহিত্য, কলা, শিল্পৰ প্রভাৱ আমি দেখা নাপাওঁ৷ কিন্তু বিজ্ঞান আৰু দর্শন দৃশ্যমান৷’ তেওঁ আৰু কয়, ‘ৰূপান্তৰেহে জগত সুন্দৰ কৰে৷’ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ বিষয়ে উল্লেখ কৰি দিগন্ত বিশ্ব শর্মাই কয়, ‘মহাপুৰুষ শংকৰদেৱে অসমৰ জনসাধাৰণক ৰসবোধ আৰু সৌন্দর্যবোধৰ আদিপাঠ দিবলৈ যত্ন কৰিছিল৷ বৰগীত আৰু ভাওনাৰে অসমত এটা সাংস্কৃতিক বিপ্লৱ গঢ়িবলৈ যত্ন কৰিছিল৷ তাৰ পিছত ৰূপকোঁৱৰে ‘তোৰে মোৰে আলোকৰে যাত্রা’ৰ জৰিয়তে সমষ্টি জীৱনৰ জ্ঞানৰ অভিযাত্রাৰ কথা কৈ গৈছে৷’ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্রজ্জ্বলন কৰে মহাবিদ্যালয়খনৰ প্রতিষ্ঠাপক অধ্যক্ষ যঞ্জেশ্বৰ শর্মাৰ পুত্র ডাঃ প্রমেশ শর্মাই৷ জাতীয় সংগীত আৰু মংগলস্বৰনেৰে আৰম্ভ হোৱা অনুষ্ঠানৰ আঁত ধৰে অধ্যাপক ভুৱন চুতীয়াই৷ বত্তৃণতা অনুষ্ঠানত মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যাপক–ধ্যাপিকা, কর্মৰত অধ্যাপক–ধ্যাপিকা, কর্মচাৰী, প্রাক্তন আৰু ছাত্র–ছাত্রীসকল উপস্থিত থাকে৷ অধ্যাপক বাপ্পা ৰঞ্জন দাসে শলাগৰ শৰাই আগবঢ়ায়৷