নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰাডোনাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ কিউবাৰ মহিলাৰ

নিয়মীয়া বাৰ্তা ২৪ নৱেম্বৰঃ মৃত্যুৰ এবছৰ পিছতো বিতর্কই লগ এৰা নাই ডিয়েগো মাৰাডোনাক৷ আর্জেণ্টিনাৰ বিশ্বকাপ বিজয়ী ফুটবল তাৰকাগৰাকীৰ প্রথম মৃত্যুবার্ষিকীৰ দুদিন পূর্বে কিউবাৰ এগৰাকী মহিলাই তেওঁৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে৷ মাভিছ আলভাৰেজ নামৰ ৩৭ বছৰীয়া মহিলাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত দাবী কৰা অনুসৰি ২১ বছৰ পূর্বে মাৰাডোনাই তেওঁক সুৰাৰ ৰাগিত মাতাল হৈ এখন হোটেলত ধর্ষণ কৰিছিল৷ সেই সময়ত তেওঁৰ বয়স মাত্র ১৬ বছৰ আছিল৷

মাৰাডোনাৰ সৈতে অন্তৰংগ মুহূর্তৰ এটা বিশেষ ফটোও মহিলাগৰাকীয়ে সংবাদ মেলত প্রদর্শন কৰে৷ মাৰাডোনাৰ হাতত সতীত্ব হেৰুৱাই কম বয়সতে তেওঁ হতাশাগ্রস্ত হৈ পৰিছিল আৰু এটা সময়ত আত্মহত্যাৰ কথাও চিন্তা কৰিছিল বুলি আলভাৰেজ নামৰ কিউবাৰ মহিলাগৰাকীয়ে অভিযোগ উত্থাপন কৰে৷ সংবাদ মেলত মহিলাগৰাকীয়ে এই কথাও উল্লেখ কৰে যে বলপূর্বকভাৱে শাৰীৰিক সম্পর্ক স্থাপনৰ পিছত মাৰাডোনাই পৰৱর্তী সময়তো তেওঁৰ সৈতে যোগাযোগ স্থাপন কৰিছিল আৰু সম্পর্ক স্থাপনৰ প্রস্তাৱ দিছিল৷

You might also like