নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰিদ্ৰ ছাত্ৰী প্ৰিয়াংশীয়ে কলা শাখাত লাভ কৰিলে সপ্তম স্থান

নিয়মীয়া বাৰ্তা, ২৫ জুন : আৰ্থিক দৈন্যতা যে সফলতাৰ ক্ষেত্ৰত বাধা নহয়, তাক প্ৰমাণ কৰি এইবাৰ উচ্চতৰ মাধ্যমিক কলা শাখাত সপ্তম স্থান দখল কৰি বিদ্যালয়খনৰ লগতে নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে।

নগাঁৱৰ আন এক অগ্ৰণী কনিষ্ঠ মহাবিদ্যালয় ৰেনেছাঁ কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা প্ৰিয়াংশী গোস্বামীয়ে এই স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

কলিয়াবৰৰ শান্তিপুৰ নিবাসী অনিল গোস্বামী আৰু পপী গোস্বামীৰ কন্যা প্ৰিয়াংশী গোস্বামীয়ে আৰ্থিক দৈন্যতাৰ মাজতো কঠোৰ পৰিশ্ৰম কৰি এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। পিতৃ অনিল গোস্বামী এগৰাকী ক্ষুদ্ৰ মম উদ্যোগৰ ব্যৱসায়ৰ লগত জৰিত আছিল। এই ব্যৱসায় বন্ধ হোৱাত পৰিয়ালটো তীব্ৰ আৰ্থিক সংকটত পৰে। নিজৰ মেধাৱী ছাত্ৰী গৰাকীক পঢ়ুৱাবলৈ অসমৰ্থ হোৱা অনিল গোস্বামীয়ে কিছু লোকৰ পৰামৰ্শ অনুসৰি নগাঁও সংমণ্ডল বিদ্যালয় সমুহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ কাষ চাপে।

কাৰ্যালয়টোৰ তৎপৰতাত আৰু নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ অধ্যক্ষা দিপীকা লস্কৰৰ সহযোগত নগাঁও চহৰৰ ৰেনেছা কনিষ্ঠ মহাবিদ্যালয়ত নাম ভৰ্তি কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষ পাৰ্থজিৎ বৰুৱাই ছাত্ৰী গৰাকীৰ পঢ়াশুনাৰ সমস্ত দায়িত্ব গ্ৰহণ কৰাৰ লগতে হোষ্টেলত থকাৰ সকলো খৰচ বহন কৰিছিল। অধ্যক্ষ গৰাকীয়ে ছাত্ৰী গৰাকীক এনেদৰে বিনামূলীয়াকৈ অধ্যয়নৰ ব্যৱস্থা কৰি দিয়াৰ বাবে অধ্যক্ষ গৰাকীক।কৃতজ্ঞতা জ্ঞাপন কৰিছে। এই সন্দৰ্ভত ছাত্ৰী গৰাকীৰ পিতৃ অনিল গোস্বামীয়ে কয়, অধ্যক্ষ গৰাকীৰ বাবে মোৰ কন্যাই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । এই সফলতাত আমি অতিশয় আনন্দিত হৈ পৰিছোঁ। মুঠ ৪৬৯ নম্বৰ লাভ কৰিছে ছাত্ৰী গৰাকীয়ে। তেওঁ দৈনিক ৯-১০ ঘন্টাকৈ অতি নিয়মিত ভাৱে অধ্যায়ণ কৰিছিল। ছাত্ৰী গৰাকী গান শুণি ভালপোৱা ছাত্ৰী গৰাকীয়ে ছবি অকা, গল্প লিখা, সত্ৰীয়া নৃত্য আদিৰ লগতো জৰিত। তেওঁ ভৱিষ্যতে এগৰাকী অধ্যাপিকা হোৱাৰ সপোন পুহি ৰাখিছে। সদ্যহতে তেওঁ নগাঁও মহাবিদ্যালয়ত ভূগোল বিষয়ত মেজৰ লৈ নামভৰ্তি কৰি অধ্যয়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

You might also like