নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত ভয়ংকৰ নাও দুৰ্ঘটনা

নিয়মীয়া বাৰ্তা, ২৫ জুনঃ জোনাইত ফেনে ফুটুকাৰে বাঢ়ি থকা পানীত আজি ৰাতি প্ৰায় ৭ বজাত এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হয়৷

জোনাইৰ ৰাকুট কেমেৰেৰ পৰা ৰোহিত পুৰ দেউৰী গাওলৈ গৈ থকা অৱস্থাত জোনাই নদীত নাও দুৰ্ঘটনা সংঘটিত হয়৷ ৰশ্মি দেউৰী নামৰ ১২ বছৰীয়া এগৰাকী কিশোৰীৰ সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে৷ দুৰ্ঘটনাগ্ৰস্থ নাওখনত আছিল ৭ গৰাকী যাত্ৰী৷

সন্ধানহীন কিশোৰীগৰাকী বায়েকে প্ৰশাসনে ৯ বজাত খবৰ দিয়াত লগে লগে জোনাই আৰক্ষী আৰু এচ.ডি.আৰ.এফ বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত হৈ আছে ৷

You might also like