নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়াৰ নামচাং চাহ বাগিচাৰ পূৱেৰুণ বস্তিত হাতীৰ আক্ৰমণত এজনৰ মৃত্যু

বিশেষ বাৰ্তা, ১০ ছেপ্টেম্বৰ : নাহৰকটীয়াৰ অসম অৰুণাচল সীমান্তৰ নামচাং চাহ বাগিচাৰ পুৱেৰুণ বস্তিত কালি নিশা সংঘটিত হয় এক শোকাবহ ঘটনা। ঘৰত শুই থকা অৱস্থাত বনৰীয়া হাতীৰ আক্ৰমনত নিহত হয় এগৰাকী লোকৰ। নিহত লোকজনৰ নাম বন্ধন ওৰাং। ঘটনাস্থলীৰ পৰা লাভ কৰা তথ্য অনুসৰি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পৰা নিতৌ নিশাৰ ভাগত বনৰীয়া হাতীৰ জাক ওলাই আহি নামচাং চাহ বাগিচা অঞ্চলত তাণ্ডৱৰ সৃষ্টি কৰি আহে। কালিও হাতীৰ যাক এটাই অঞ্চলটোত সোমোৱাৰ খবৰ পাই গাঁওবাসীৰ লগতে বন্ধন ওৰাংয়ে হাতীৰ পালটো খেদিবলৈ গৈ পালটো ঘূৰাই পঠিওৱাৰ পিছত নিজৰ ঘৰত আহি শুই থাকেহি। কিন্তু ইয়াৰ দুঘণ্টা পিছতেই ব্যক্তিগৰাকীক শুই থকা অৱস্থাতে হাতীৰ জাকটোৰ এটা হাতীয়ে গছকি হত্যা কৰি থৈ যায়। মনকৰিবলগীয়া মৃত বন্ধন উৰাঙৰ লগত সেইসময়ত এটা শিশুয়ো একেলগে শুই আছিল যদিও কিন্তু হাতীটোৱে উক্ত শিশুটোক একো অনিষ্ট সাধন নকৰিলে। স্মৰণীয় যে যে বিগত সপ্তাহত একেই অঞ্চলতে হাতীৰ আক্ৰমণৰ পৰা কথমপি মন্ত্ৰী অতুল বড়াৰ কনভয় ৰক্ষা পৰিছিল যদিও ৮ টাকৈ হাতীয়ে দুঘণ্টাৰো অধিক সময় পথৰ ওপৰত অৱস্থান লোৱাৰ বাবে কেইবাখনো গাড়ী তথা বহুসংখ্যক ব্যক্তি আবেলিৰ পৰা সন্ধিয়া লৈকে আবদ্ধ হৈ পৰিছিল।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like