আধ্যাত্মিক সংস্কৃতি গঢ়িব নোৱাৰাটো হ’ব নতুন প্রজন্মৰ বাবে চিন্তনীয়
নলবাৰীত ৪ শতাধিক ব্রাহ্মণ–পুৰোহিতক সন্মান জনোৱা অনুষ্ঠানত মৃণালিনী দেৱী
নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱেও মূৰত ভাগৱত লৈ সমাজ গঠন কৰিছিল৷ মহাপুৰুষজনক কিন্তু কোনোৱে সাম্প্রদায়িক বুলি নকয়৷ কিন্তু আমি যেতিয়া সনাতনী সংস্কৃতিক মূৰত লৈ ৰাষ্ট্র গঠন কৰিবলৈ যাওঁ, তেতিয়া আমাক ‘সাম্প্রদায়িক’ বুলি কোৱা হয়৷ কিন্তু যিয়েই নকওক, স্বজাতি আৰু স্বধর্ম ৰক্ষাৰ বাবে যি কামেই কৰিব লগা নহওক সেয়াই শুদ্ধ, সেয়াই সত্য৷ সনাতনী সংস্কৃতিৰ মানুহে নিজে গৌৰৱ কৰিব লাগে মই হিন্দু বুলি৷’ এই মন্তব্য অসম পর্যটন নিগমৰ অধ্যক্ষ তথা ৰাজ্যিক বিজেপিৰ উপ–সভাপতি জয়ন্তমল্ল বৰুৱাৰ৷ বুধবাৰে নলবাৰীত অখিল ভাৰতীয় ব্রাহ্মণ ফ্রণ্টৰ অসম ৰাজ্যিক সমিতিয়ে পাগলাদিয়াপাৰৰ পাগলাদিয়া ৰিজ’টত চাৰি শতাধিক ব্রাহ্মণ–পুৰোহিতক সন্মান জনোৱা অনুষ্ঠানত অংশগ্রহণ কৰি জয়ন্তমল্ল বৰুৱাই এইদৰে কয়৷ ভাষণ প্রসংগত তেওঁ কয় যে একমাত্র হিন্দুসকলেই সর্বধর্ম সমভাব ৰাখিব পাৰে৷ ইয়াৰ বাহিৰে আন কোনেও আন ধর্মৰ কল্যাণৰ কথা ভাবিব নোৱাৰে বুলিও তেওঁ প্রকাশ কৰে৷ সনাতনী সংস্কৃতিলৈ অহা ভাবুকি, ইয়াৰ প্রসাৰ আৰু আধুনিক জীৱন ব্যৱস্থাতো ইয়াৰ প্রভাৱ সন্দর্ভত তেওঁ প্রকাশ কৰে যে ভাৰতবর্ষৰ সনাতনী সংস্কৃতি অত্যাধুনিক৷ বিশ্বৰ কোনো সংস্কৃতিৰে ইয়াৰ লগত তুলনা নহয়৷ বিজ্ঞানৰ সর্ব নৱতম সৃষ্টিয়েও সনাতনী সংস্কৃতিৰ পুৰণি সৃষ্টিৰ লগত ফেৰ মাৰিব নোৱাৰে৷ ঋষিমুনিয়ে চাৰি হাজাৰ বছৰ আগতে সৃষ্টি কৰা বিশ্ব পৰিৱেশ ৰক্ষাৰ সূত্র আজিৰ বিজ্ঞানে আজিও বিচাৰি পোৱা নাই৷’ ইপিনে অসমৰ ইতিহাস সন্দর্ভতো তেওঁ লক্ষণীয় মন্তব্য প্রকাশ কৰে৷ তেওঁ কয়– অসমৰ বুৰঞ্জী চুকাফা বা ব্রিটিছৰ পৰা নহয়, ইয়াৰ বুৰঞ্জী কামাখ্যাৰ পৰাই হৈছে৷ আমি সেই ইতিহাসহে মানি ল’ম৷’
এই অনুষ্ঠানত অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীয়ে কয় যে বৈদিক কর্মই আধুনিক তথ্য–প্রযুক্তিৰ দিনত আধ্যাত্মিক ভাবৰ উদ্রেক কৰিব৷ যদি আধ্যাত্মিক সংস্কৃতি গঢ়ি তুলিব নোৱাৰো, তেনেহ’লে নতুন প্রজন্মৰ কি হ’ব সেয়া চিন্তনীয়৷ বেদ অধ্যয়নৰ যোগেদি কণমানিসকলৰ মাজত নৰোত্তমৰ পৰা নাৰায়ণ ৰূপৰ সৃষ্টি কৰিব পাৰি বুলিও তেওঁ মন্তব্য কৰে৷ অনুষ্ঠানত হৰিদ্বাৰৰ পৰা অহা কমল স্বামী দোৱা মহাৰাজে প্রকাশ কৰে যে ব্রাহ্মণসকলৰ এনে অনুষ্ঠান আজি প্রথম দেখিছোঁ৷ সপোনতো তেওঁ ভবা নাছিল যে ইমান ব্রাহ্মণক একেলগে লগ পাব বুলি৷ হৰিদ্বাৰতো এনেদৰে পূজা চলি থকা দেখা নাই৷ অনুষ্ঠানত পদ্মশ্রী সূর্য্য হাজৰিকা, সংস্কৃত পণ্ডিত সতীশ শর্মা, সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ সুশান্ত কাশ্যপ, নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ আদিকে ধৰি বহুকেইজন বিশিষ্ট লোক উপস্থিত থাকিল যদিও লক্ষণীয়ভাৱে উপস্থিত থাকে৷