নামৰূপৰ দিল্লী আদৰ্শ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত বিহু কৰ্মশালা সম্পন্ন
নিয়মীয়া বাৰ্তা:১৩ এপ্ৰিল: যি সময়ত অসম চৰকাৰে অসমীয়াৰ বাপুতি সাহোন ৰঙালী বিহুৰ লগতে বিহু নৃত্যক জগত সভালৈ আগুৱাই নিয়াৰ উদ্দেশ্যেৰে কাইলৈ সন্ধিয়া সৰুসজাই ষ্টেডিয়ামত দহ সহস্ৰাধিক ঢুলীয়া নাচনীৰ দ্বাৰা বিহু নৃত্য প্ৰদৰ্শন কৰি গ্ৰীনিজ বিশ্ব অভিলেখ গঢ়াৰ পৰিকল্পনা কৰিছে, তেনে সময়তে অসমীয়া জাতি গঠনত অন্যতম গুৰি ধৰোঁতা চাহ জনগোষ্ঠীৰ লোকসকলৰ মাজতো এই বিহুক জনপ্ৰিয় কৰি তোলাৰ উদ্দেশ্যেৰে নামৰূপৰ সমীপৰ এখন বিদ্যালয়ে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ । অসম চৰকাৰৰ এক অভিলাসী পদক্ষেপৰ অন্তৰ্গত বিগত বৰ্ষত প্ৰতিষ্ঠা লাভ কৰা এই বিদ্যালয় খন হল নামৰূপৰ সমীপৰ দিল্লী চাহ বাগিছা আদৰ্শ বিদ্যালয়। আগন্তুক ৰঙালী বিহুৰ লগত সঙ্গতি ৰাখি আৰু চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিহুক অধিক জনপ্ৰিয় কৰাৰ লগতে পদ্ধতিগত ব্যৱহাৰিক শিক্ষা প্ৰদানৰ বাবে আজি বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰী সকলৰ বাবে আয়োজন কৰে এক এদিনীয়া বিহু নৃত্য কৰ্মশালাৰ। দুকুৰীৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণ কাৰ্যসূচীত সমল ব্যক্তি ৰূপে উপস্থিত থাকি প্ৰশিক্ষণ আগবঢ়ায় উক্ত বিদ্যালয়ৰে শিক্ষক অনুপম গগৈ তথা শিক্ষয়িত্ৰীদ্বয় ক্ৰমে প্ৰিয়ঙ্কা শইকীয়া আৰু ৰূপজ্যোতি শইকীয়াই৷ উল্লেখযোগ্য যে চাহ বাগিছা অঞ্চলৰ ছাত্ৰছাত্ৰীক বিহু নাচৰ প্ৰাৰম্ভিক জ্ঞান প্ৰদান কৰা বাবে উক্ত বিদ্যালয়ৰ অধ্যক্ষ বেণু তন্তবায়ে সকলো শিক্ষক শিক্ষয়িত্ৰীকে ধন্যবাদ জ্ঞাপন কৰে আৰু এনে ধৰণৰ পদক্ষেপে চাহজনজাতি লোকসকলৰ মাজত বিহুৰ জনপ্ৰিয়তা বৃদ্ধি পাব আৰু বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া তৰান্বিত হব বুলি আশা প্ৰকাশ কৰে ৷