নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডা° নোমল মমিনৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে বোকাজানত কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ নিৰ্বাচনী প্ৰচাৰ তুঙ্গত উঠাৰ সময়তে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে ১৭ নং বোকাজান বিধানসভা সমষ্টিৰ দেওপানীত উপস্থিত হয় কেন্দ্ৰীয় চৰকাৰৰ কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ ৷

ৰাষ্ট্ৰীয় নেতা গৰাকীয়ে বিয়লি প্ৰায় ৪ বজাত হেলিকপ্টাৰেৰে দেওপানীত অৱতৰণ কৰি এইবাৰৰ ১৭নং বোকাজান বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী তথা বিগত পাঁচটি বৰ্ষৰ বিধায়ক ডা° নোমল মমিনৰ হৈ প্ৰচাৰ চলায় ৷

দেওপানী ৰঙ্গমঞ্চৰ প্ৰেক্ষাগৃহত  শতাধিক লোক সমৱেত হয় ৷ সভাত সমৱেত ৰাইজে পুনৰবাৰ ডা° নোমল মমিনক বোকাজানৰ বিধায়ক হিচাপে নিৰ্বাচন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হয় ৷

You might also like