নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিত অনিল শইকীয়া আৰু ৰকিবুল হুছেইনৰ বিশাল সমদলেৰে নিৰ্বাচনী প্ৰচাৰ

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যৰ আজি অন্তিম দিনটোত নগাঁও জিলাৰ চামগুৰি সমষ্টিত কংগ্ৰেছ আৰু বিজেপিয়ে এক বিশাল ৰেলী কৰি ভোটাৰ ৰাইজৰ মাজত চমক সৃষ্টি কৰিবলৈ সক্ষম হয় ৷

চামগুৰি সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী অনিল শইকীয়াই আজি হাজাৰ হাজাৰ সমৰ্থকক লগত হৈ অনুষ্ঠিত কৰা বিশাল ৰেলীটোত আজি ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত কয় যে প্ৰথম পৰ্যায়ত হ’বলগীয়া নিৰ্বাচনত ৪৭ সমষ্টিৰ ভিতৰত ৪৬ টা সমষ্টিয়েই বিজেপিয়ে দখল কৰিব।

সদ্য প্ৰকাশিত অপেনিয়ন প’লতকৈও অধিক আসন বিজেপিয়ে লাভ কৰিব বুলি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে দাবী কৰাৰ লগতে কংগ্ৰেছৰ সৈতে বদৰউদ্দিনৰ মিত্ৰতাৰ বাবেই উজনি অসমৰ ৭ টাকৈ কংগ্ৰেছৰ দখলত থকা সমষ্টি এইবাৰ বিজেপিৰ হাতলৈ অহাৰ লগতে এইবাৰ চামগুৰি সমষ্টিত অনিল শইকীয়াই ৰকিবুল হুছেইনক বিপুল ভোটত পৰাস্ত কৰি ইতিহাস ৰচিব বুলি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে দাবী কৰে ৷

বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী অনিল শইকীয়াৰ বিশাল ৰেলীটো আমবাগানৰ পৰা আৰম্ভ কৰি লাওখোৱা ব্লকৰ প্ৰতিটো পঞ্চায়ত আৰু বাজিয়াগাঁও ব্লকৰ প্ৰতিটো পঞ্চায়তৰ ভোটাৰ ৰাইজৰ মাজত চমক সৃষ্টি কৰা পৰিলক্ষিত হয় ৷ পৰৱৰ্তী সময়ত উক্ত ৰেলীটো ভৰাগুৰি অঞ্চলত সামৰণি পৰে ৷

আনহাতে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে প্ৰথম পৰ্যায় নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যৰ অন্তিম দিনটোত পুৱা পত্নী নাজনিন হুছেইন আৰু পুত্ৰ টানজিল হুছেইন সহিতে আমলখি পূজা মন্দিৰ প্ৰাঙ্গনত থকা শিৱ মন্দিৰত উপস্থিত হৈ পূজা অৰ্চনা কৰি হাজাৰ হাজাৰ কৰ্মী সমৰ্থক লগত লৈ সহস্ৰাধিক সৰু ডাঙৰ গাড়ীৰে সমদল কৰি নিজৰ অন্তিম প্ৰচাৰ চলায়।

আমলখি গাঁও পঞ্চায়তৰ পৰা উদমাৰী, ভৰাগুৰি, সুতাৰ, ভেলেউগুৰি, চামগুৰি, বাজিয়াগাঁও, কাৱৈমাৰী,লাইলুৰি, ভাটিয়াখালি আদিকে ধৰি বহু কেইটা পঞ্চায়ত হৈ আমবাগান পঞ্চায়তত ৰেলিটো সামৰণি মাৰে। ৰেলিটো সামৰণি পৰাৰ অন্তত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে আমবাগানত এখন নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰে ৷

You might also like