নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰ : শিক্ষাৰ ক্ষেত্ৰত ধাৰাবাহিকভাবে সু-খবৰ কঢ়িওৱা বজালীৰ দুই সন্তানে গৌৰৱান্বিত কৰিলে বজালী জিলাক৷ ভাৰতৰ তিনিটা সামৰিক বিভাগৰ (স্থলসেনা, বায়ুসেনা, নৌসেনা) বিষয়াৰ একমাত্ৰ শিক্ষা প্ৰতিষ্ঠান ভাৰতীয় প্ৰতিৰক্ষা শিক্ষানুষ্ঠানৰ (NDA) গৌৰৱোজ্জ্বল ৭৫ বছৰ অতিক্ৰম কৰাৰ ক্ষণত কালি পুনেত অনুষ্ঠিত ১৪৫ নং গোটৰ দীক্ষান্ত সমাৰোহত উজলি উঠে বজালীৰ দুই যুৱক৷ পাটাছাৰকুছিৰ জিতুমিত্ৰ দেৱশৰ্মা আৰু পাঠশালাৰ হিমশিখৰ কাশ্যপে এনে গৌৰৱ কঢ়িয়াই অনাৰ লগতে ৰাজ্যখনৰ বাবেও কঢ়িয়াই আনিছে ভাল খবৰ৷ এই অনুষ্ঠানত উপস্থিত থাকে ভাৰতৰ ৰাষ্ট্ৰপতি সন্মানীয় দ্ৰৌপদী মুৰ্মু, তিনিটা সামৰিক বিভাগৰ মুৰব্বী অনিল চৌহান, মহাৰাষ্ট্ৰৰ ৰাজ্যপালকে ধৰি উচ্চপদস্থ সামৰিক বিষয়াসকলেও এই উপলক্ষে ৰাষ্ট্ৰপতিৰ সৈতে নৈশভোজত ৩৫৩জন passing outৰ কেডেট আৰু তেওঁলোকৰ পিতৃ মাতৃ উপষ্ঠিত থাকে NDAৰ কেডেট মেছত। এছিয়াৰ সৰ্ববৃহৎ আটকধুনীয়া ২২০০ কেডেটে একেলগে খাব পাৰা কেডেট মেছত সেই দিনা এই বিশাল আয়োজনত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ পিছতেই অসমৰ জাতীয় সংগীতৰ বেণ্ডৰ সুৰে উপষ্ঠিত থকা অসমীয়াসকলক আনন্দিত কৰি তোলে৷ মুঠ ৩৫৩জন passing out কেডেটৰ অসমীয়া মাত্ৰ ৪জনৰ ২জনেই বজালীৰ সন্তান৷ এনে খবৰে দেশখনৰ লগতে জন্মস্থানৰ লোকক গৌৰৱান্বিত কৰি তুলিছে। জিতুমিত্ৰ দেৱ শৰ্মাৰ পিতৃ মাতৃ ডাঃ মুক্তাধৰ শৰ্মা আৰু কবিতা দেৱীয়ে এই প্ৰতিবেদকক জনোৱা অনুসৰি এতিয়া আৰ্মী কেডেটে ১ বছৰৰ বাবে হিচাপে আইএমএ (ভাৰতীয় সামৰিক একাডেমী) ডেৰাডুনৰ প্ৰশিক্ষণ লব লাগিব৷ উল্লেখযোগ্য যে জিতুমিত্ৰই প্ৰথম দহগৰাকীৰ ভিতৰত স্থান লাভ কৰিছে৷
প্ৰেৰক উৎপল মেধি