নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

NEET পৰিক্ষাত উজ্বলিল কলগাছিয়াৰ বলাইপাথাৰ গাঁৱৰ সন্তান ৰকিবুল ইছলাম

নিয়মীয়া বাৰ্তা, ৬ নৱেম্বৰ: সদ্যঘোষিত NEET পৰিক্ষাত উজ্বলিল কলগাছিয়াৰ বলাইপাথাৰ গাঁৱৰ সন্তান ৰকিবুল ইছলাম। বৰপেটা জিলাৰ বলাইপাথাৰ গাঁৱৰ এটা গৰাখহনীয়াগ্ৰস্থ দৰিদ্ৰ পৰিয়ালৰ সন্তান ৰকিবুল ইছলাম । সদ্য ঘোষিত সৰ্বভাৰতীয় নীট পৰীক্ষাত ৫৫০ নম্বৰে সুনাম কঢ়িয়াই আনিলে সমগ্ৰ কলগাছিয়া অঞ্চললৈ। বান আৰু দৰিদ্ৰতাই জুৰুলা কৰা পৰিয়ালত জন্মলাভ কৰা ৰকিবুল ইছলাম পঢ়াৰ প্ৰতি থকা প্ৰবল হেঁপাহ, ধৈৰ্য আৰু একাগ্ৰহতা বলতেই আজি নীট পৰীক্ষাত উজলি উঠিল। পিতৃহীনা ৰকিবুলৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে তেওঁৰ পৰিয়াল আৰু অধ্যয়ন কৰা কলগাছিয়া ৰেডিয়েঞ্চ একাডেমী। দৰিদ্ৰ মেধাৱী ছাত্রগৰাকীৰ উচ্চতৰ মাধ্যমিক শিক্ষা ৰেডিয়েঞ্চ একাডেমী কৰ্তৃপক্ষই সম্পূৰ্ণ বিনামূলীয়া কৰি দিছিল বুলি ৰকিবুল ইছলামে জানিবলৈ দিয়ে।

Input: মফিদুল ইছলাম, কলগাছিয়া 

You might also like