নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰহোলাত শিৱানী বৰুৱাৰ ‘ছাণ্টাক্লজ আৰু অন্যান্য’ উন্মোচন

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ তিতাবৰ মহকুমাৰ বৰহোলাৰ এগৰাকী উদীয়মান লেখিকা তথা শিক্ষয়িত্ৰী শিৱানী বৰুৱাৰ ‘ছাণ্টাক্লজ আৰু অন্যান্য” নামৰ এখন গ্ৰন্থ আজি উন্মোচন হয়। সেয়ে নৱমিলন উচ্চ মাধ্যমিক বিদ্যালয়ত স্থানীয় সমাজকৰ্মী যাদৱ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত বৰহোলা মহাবিদ্যালয়ৰ প্ৰৱক্তা অমল সোণোৱালে ‘ছাণ্টাক্লজ আৰু অন্যান্য” নামৰ গ্ৰন্থখন উন্মোচন কৰে।

সভাৰ আৰম্ভণিতে বিদ্যালয়খনৰ ছাত্র-ছাত্ৰী সকলে এটা সমবেত সংগীত পৰিবেশন কৰে। সভাত মুখ্য অতিথি হিচাপে শিশু সাহিত্যিক তিলো সোণোৱাল, ফৰকাটিং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰৱক্তা তৰুণ শইকীয়া আদিয়ে অংশগ্ৰহণ কৰি সাৱলীল বক্তব্য আগবঢ়োৱাৰ লগতে লেখিকা শিৱানী বৰুৱাৰ সাহিত্য কৰ্মৰাজি আগন্তুক দিনবোৰতো অব্যাহত ৰাখিবলৈ উৎসাহিত কৰে। সভাত অৱসৰপ্ৰাপ্ত শিক্ষক হৰেন গগৈ, সমাজকৰ্মী তৰুণ সোণোৱাল, প্ৰধান শিক্ষক মেদিনী বৰুৱা আদিও উপস্থিত থাকে।

সভাৰ মাজতে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰী মৌচুমী বৰাই বাঁহীৰে ভূপেন হাজৰিকাৰ সংগীত পৰিবেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে। সভাতে কেইবাগৰাকী ছাত্র-ছাত্ৰীয়ে মিছিং, সোণোৱাল কছাৰীৰ থলুৱা গীত পৰিবেশন কৰে। শেষত শলাগৰ শৰাই আগবঢ়াই নৱমিলন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মেদিনী বৰুৱাই।

You might also like