নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেৰামতিৰ অভাৱত ভাগি গৈছে পদপথঃ গণেশগুৰি–হাতীগাঁৱ ভয়ংকৰ দুর্ঘটনাৰ আশংকা

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ দীর্ঘদিন ধৰি মেৰামতি নকৰাৰ ফলত জৰাজীর্ণ হৈ পৰিছে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানৰ পদপথ৷ মেনহল অথবা নলাৰ ওপৰত থকা লোৰ ঢাকনি মেৰামতিৰ অভাৱত যাতায়াতৰ অনুপযোগী হৈ পৰিছে৷ যিকোনো সময়ত এই পদপথসমূহৰ পৰা ভয়ংকৰ দুর্ঘটনা হোৱাৰ আশংকাই দেখা দিছে৷

বিশেষকৈ সদাব্যস্ত গণেশগুৰি উৰণীয়া সেতুৰ সমীপৰ পদপথ সম্প্রতি মৰণফান্দত পৰিণত হৈছে৷ গণেশগুৰিৰ একাংশ ব্যৱসায়ীয়ে জানিবলৈ দিয়া মতে গণেশগুৰি উৰণীয়া সেতুৰ তলত জি এছ ৰোডৰ মূল পদপথৰ ওপৰত থকা লোৰ ঢাকনি যোৱা তিনি মাহৰ পৰা খহি তললৈ বহি গৈছে৷

মূল পদপথৰ পৰা তললৈ নামি যোৱা এই পদপথৰ ওপৰৰেই নিতৌ শ শ পথচাৰী খোজকাঢ়ি পাৰ হোৱাৰ বিপৰীতে বহু যান–বাহন বিপদসংকুলভাৱে কছাৰীবস্তিৰ উপ–পথ অভিমুখে অহা–যোৱা কৰিছে৷ যিকোনো মুহূর্তত উক্ত পদপথত ভয়ংকৰ দুর্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা থকা বুলি স্থানীয় ব্যৱসায়ীসকলে মতামত ব্যক্ত কৰে৷

ইপিনে, হাতীগাঁও চাৰিআলিৰ পৰা সিজুবাৰীলৈ যোৱা পথৰ পদপথো যাতায়াতৰ অনুপযোগী হৈ পৰিছে৷ এছবিআই বেংকৰ সমীপত উন্মুক্ত পদপথে যিকোনো সময়ত অঘটন ঘটাব পাৰে বুলি স্থানীয় লোকে জানিবলৈ দিছে৷ সেয়েহে পদপথৰ লগতে জহি–খহি যোৱা পদপথৰ ঢাকনি মেৰামতি কৰিবলৈ লোকনির্মাণ বিভাগৰ লগতে ৰাইজে জি এম চি কর্তৃপক্ষক আহ্বান জনাইছে৷

You might also like