কবি চিনু কাকতীৰ দুই কবিতা পুথি উন্মোচন
নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিল: নগাঁও জিলা সাহিত্য সভাৰ সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি সোণালী বৰ্ষটোত ৫০ খন গ্ৰন্থ উন্মোচনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত আজিও নগাঁও জিলা সাহিত্য সভাৰ কমলা দেৱী টোডী ভৱনত কবি চিনু কাকতীৰ দুখন গ্ৰন্থ উন্মোচন কৰা হয়। নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাখনত বিশিষ্ট লেখিকাদ্বয় ডঃ থুনু কলিতা আৰু দীপ্তি বৰাই “আখলত আমাৰ আই” আৰু “কবিতাৰ সেন্দুৰীয়া আলি” শীৰ্ষক কাব্য গ্ৰন্থ দুখন উন্মোচন কৰে। দুয়োগৰাকী উন্মোচকে চিনু কাকতীৰ কবিতা সন্দৰ্ভত বিষদভাৱে ব্যাখ্যা দাঙি ধৰাৰ লগতে তেখেতৰ কবিতাত সমাজ, সংস্কৃতি, দেশপ্ৰেম, সুখ-আনন্দ, বিষাদে ঠাই পাইছে বুলি উল্লেখ কৰে। তেখেতৰ কবিতাত ব্যঞ্জনাত্মক আৰু অৰ্থবহভাব ভাষা আৰু চিন্তাৰ স্ফুৰণৰ প্ৰকাশ পাইছে। ফলত তেখেতৰ কবিতাৰ আস্বাদন পাঠকে তৃপ্তিৰে গ্ৰহণ কৰিবলৈ সক্ষম হ’ব বুলিও মতপোষণ কৰে। জিলা সাহিত্য সভাৰ উপসভাপতি থগিত মহন্তই ভাষণ প্ৰদান কৰা আজিৰ এই গ্ৰন্থ উন্মোচনী সভাত জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদকদ্বয় উপেন চন্দ্ৰ বৰা, শৰৎ শইকীয়া, কবি প্ৰদীপ শইকীয়া, ময়ূৰ কুমাৰ বৰা, শিশু সাহিত্যিক কাৰুণ্য ভট্টাচাৰ্য, স্বপ্না কলিতা, স্মৃতা কলিতা, ৰণাংগনৰ সম্পাদক মিণ্টু দাস, নিজৰা শইকীয়াকে প্ৰমুখ্য কৰি জিলাখনৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনৰ আঁত ধৰে আনোৱাৰ পাৰভেজে।