নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভাত অংশগ্ৰহণ বিধায়ক ৰূপক শৰ্মাৰ
বিশেষ বাৰ্তা, ১ ছেপ্টেম্বৰ : নগাঁও চহৰৰ বেচৰকাৰী খণ্ডৰ অগ্রণী শিক্ষানুষ্ঠান ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ আজি নৱাগত আদৰণী সভা অনুষ্ঠিত হয়। নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত নৱাগত আদৰণী সভাত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে বৰ্তমানৰ সময় হৈছে মেধাৰ সময়। চাকৰিৰ নিযুক্তিকে আদি কৰি সকলো ক্ষেত্রতে বৰ্তমানৰ চৰকাৰখনে মেধাক অগ্ৰাধিকাৰ দি আহিছে। চাকৰি আদিৰ ক্ষেত্ৰত পূৰ্বৰদৰে অনিয়ম স্বজন- তোষন বৰ্তমান নচলে। সেয়ে ছাত্ৰ-ছাত্রী সকলে মেধাৰ ভিত্তিত আগবাঢ়ি যাব লাগিব। আনহাতে নগাঁৱক শৈক্ষিক নগৰীলৈ পৰিণত কৰাত ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা বুলি উল্লেখ কৰি বিধায়ক শৰ্মাই লগতে কয় যে প্ৰতিবছৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উন্নত ফলাফলেৰে শিক্ষানুষ্ঠানখনে ৰাজ্যবাসীৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে । আনহাতে ৰাজ্যৰ শৈক্ষিক উত্তৰণৰ স্বাৰ্থত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ শিক্ষা বিভাগত কিছু সাল সলনি ঘটোৱাৰ বিষয়ে উল্লেখ কৰি বিধায়ক শৰ্মাই নতুন শিক্ষা নীতিয়ে ৰাজ্যৰ শৈক্ষিক ক্ষেত্রত আমূল পৰিৱর্তন সাধন কৰিব বুলি মত পোষণ কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে ২০০৫ বৰ্ষত স্হাপিত ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ে উচ্চমানৰ ফলাফল প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত লক্ষ্য, পৰিশ্ৰম আৰু নিয়মানুৱর্তিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি অহা বুলি মন্তব্য কৰি ছাত্ৰ-ছাত্রীসকলক ভৱিষ্যতে কোন দিশে যাব সেইটো স্হিৰ কৰি লবলৈ আহ্বান জনায়। আনহাতে ১৮৪৭ চনত জন্ম গ্ৰহণ কৰা বিশ্বৰ বিখ্যাত উদ্ভাৱক টমাছ আলভা এডিচনে ১০৯৩ টা আৱিষ্কাৰ কৰা বুলি উল্লেখ কৰি সাংবাদিক গোস্বামীয়ে লগতে কয় যে কাণেৰে নুশুনা বিশেষভাৱে সক্ষম এই গৰাকী উদ্ভাৱক তেওঁৰ ব্যৰ্থতাৰ বাবে বিখ্যাত হৈ পৰিছিল। ইলেক্ট্ৰিক বাল্ব আৱিষ্কাৰ কৰোতে তেওঁ দহ হেজাৰবাৰ ব্যৰ্থ হৈছিল। ব্যৰ্থতাই মানুহক বহুতো শিকায়। আনহাতে ছাত্ৰ-ছাত্রীসকলক প্ৰশ্ন কৰিবলৈ আহ্বান জনাই তেওঁ লগতে কয় যে প্ৰশ্নই বেলেগ ধৰনৰ জ্ঞান আৰু তথ্য দিয়ে। নৱাগত আদৰণি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ছিপাঝাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড: ৰামচন্দ্ৰ ডেকাই ছাত্ৰ-ছাত্রীসকলক যোগাত্মক দৃষ্টিভংগীৰে আগবাঢ়ি যাবলৈ আহ্বান জনাই লগতে কয় যে জগতখনক সুন্দৰভাৱে গতিশীল কৰিবৰ বাবে ঋণাত্মক ঘটনাক যোগাত্মক ঘটনাৰে ঢাকি ৰাখিব লাগিব। সভাত বিশিষ্ট লেখক-সাংবাদিক শান্তনু কৌশিক বৰুৱাই ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ে উন্নত ফলাফলেৰে ৰাজ্যৰ শৈক্ষিক ক্ষেত্রত উজ্বলি উঠা বুলি উল্লেখ কৰি ছাত্ৰ-ছাত্রীসকলক নিৰ্দিষ্ট লক্ষ্যৰে আগবাঢ়ি যাবলৈ আহ্বান জনায় । সভাত আন এগৰাকী বিশিষ্ট অতিথি লেখিকা প্ৰীতিমা কৌশিক বৰুৱাই পাঠ্যক্ৰমৰ অধ্যয়নৰ উপৰি ছাত্ৰ-ছাত্রীসকলক অন্যান্য দিশত নিজকে পাৰ্গত কৰি তুলিবলৈ আহ্বান জনায়। আনহাতে প্ৰত্যাহ্বান নেওচি নিজ লক্ষ্যত উপনীত হবৰ বাবে ছাত্ৰ-ছাত্রী সকলক মানসিকভাৱে সবল হবলৈ তেওঁ পৰামৰ্শ আগবঢ়ায়। নৱাগত আদৰণী সভাখনত মৌচুমী বেজবৰা গোস্বামী, প্ৰবক্তা ৰাতুল নাথকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ কুমাৰ বৰা আৰু উপাধ্যক্ষা সংগীতা বৰুৱা বৰাই আঁত ধৰা সভাখনৰ আৰম্ভণিতে সমাজসেৱক ফুলাই বৰাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে দীপক বৰাই। শিক্ষা প্ৰতিষ্ঠানখনৰ প্ৰাক্তন কৃতী ছাত্ৰী শ্ৰদ্ধা বৰগোহাঁয়ে পৰিবেশন কৰা এটি বৰ গীতেৰে আৰম্ভ হোৱা সভাখনত বিগত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত স্হান লাভ কৰা কৃতী ছাত্ৰ-ছাত্রীসকলক ”ফুলাই বৰা সোঁৱৰণী বঁটা” প্ৰদান কৰাৰ লগতে অন্যান্য বিষয়ত উন্নত ফলাফল প্ৰদৰ্শন কৰা ছাত্ৰ-ছাত্রী আৰু সংশ্লিষ্ট বিভাগৰ শিক্ষক-শিক্ষয়িত্রী সকলক বিভিন্ন বঁটা প্ৰদান কৰা হয়।আনহাতে আজি পুৱা অধ্যক্ষ দিলীপ কুমাৰ বৰাই পতাকা উত্তোলনেৰে নৱাগত আদৰণী সভাৰ কাৰ্যাসূচীৰ শুভাৰম্ভ কৰে। বিয়লি ন-পুৰণি ছাত্ৰ-ছাত্রীৰ প্ৰীতি সন্মিলন অনষ্ঠিত হয়।
প্ৰেৰক কনক হাজৰিকা