নৱনিযুক্ত উপায়ুক্তৰ মৈৰাবাৰীত দিনজোৰা কাৰ্যসূচী : সমস্যা সমাধানৰ আশ্বাস
নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰ : মৰিগাঁৱত উপায়ুক্ত হিচাপে যোগদান কৰা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া দেৱাশীষ শৰ্মাই দিনজোৰা কাৰ্যসূচীৰে জিলাখনৰ নৈকাষৰীয়া মৈৰাবাৰী অঞ্চলৰ কেইবাটাও অনুষ্ঠান-প্ৰতিষ্ঠান পৰিদৰ্শন কৰে। পূৱা ১০ বজাত মৈৰাবাৰী আদৰ্শ বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়খনৰ পৰিচালনা কমিটিৰ সভাপতিৰো দ্বায়িত্বত থকা উপায়ুক্তগৰাকীয়ে আদৰ্শ বিদ্যালয়ত উন্নীত হবলগীয়া উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ গৃহৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ পিছত আদৰ্শ বিদ্যালয় প্ৰাংগনতে স্থানীয় সাংবাদিক আৰু একাধিক বয়োজেষ্ট নাগৰিকসকলৰ লগত স্থানীয় সমস্যা আৰু সমাধানৰ উপায় সম্পৰ্কে মত বিনিময় কৰে।পৰৱৰ্তী পৰ্যায়ত মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়,ভেলৌগুৰী নৈপৰীয়া চিকিৎসালয়,মৈৰাবাৰী আৰক্ষী থানা,বেচৰকাৰী সংগঠন গ্ৰাম বিকাশ পৰিষদে পৰিচালনা কৰা বৃদ্বাশ্ৰম আৰু নিচামুক্তি কেন্দ্ৰ আৰু মৈৰাবাৰী গাও পন্চায়ত কাৰ্যালয়তো উপস্থিত হৈ অনুষ্টান কেইটাৰ সমস্যাসমুহৰ বুজ লৈ পাৰ্যমানে সমাধানৰ আশ্বাস দিয়ে। জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাক আজিৰ পৰিদৰ্শন কালত সংগ দিয়ে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত অৰুন্ধতি নৰহ মিপুন,বিদ্যালয়সমুহৰ পৰিদৰ্শক বুলী গগৈ ভূঞা আৰু লাহৰীঘাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া স্বৰাজ ভাৰত লাগাচুয়ে।মৰিগাৱত জিলা উপায়ুক্ত হিচাপে যোগদানৰ পূৰ্বে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত হিচাপে থকা দেৱাশীষ শৰ্মাৰ কাৰ্যকালত জিলাখনৰ বহুতো সমস্যা সমাধান হোৱাৰ সম্ভাৱনা থকা বুলি ভূ-ৰখা মহলে লে মত প্ৰকাশ কৰিছে।।
প্ৰেৰক তাৰিকুল ইছলাম