নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৭নং ৰাষ্ট্ৰীয় পথেৰে যাতায়াত বন্ধ, ছয়গাঁৱত কলহী নৈৰ খহনীয়া

নিয়মীয়া বাৰ্তা, ৩১ মে’ : দক্ষিণ কামৰূপৰ ছয়গাঁৱত কলহী নৈৰ তীব্ৰ গৰাখহনীয়া ৷ চহৰখনৰ মাজমজিয়াৰে বৈ যোৱা কলহী নৈৰ ওপৰত থকা দলংখনৰ দুইমূৰত হৈছে এই গৰাখহনীয়া৷ দলংখনৰ পূব মূৰে গোটেই অংশ খহাই নিয়াৰ লগতে পশ্চিম দিশৰ উত্তৰফালেও বহু অংশ খহনীয়াত জাহ যায়৷

ফলত দলংখনেৰে আহ যাহ কৰাতো বন্ধ হৈ পৰিছে। যাৰ ফলত ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথটোৰে যান বাহনৰ বাবে যাতায়ত বন্ধ হৈ পৰিছে। দূৰ দূৰণিৰ পৰা অহা বহুসংখ্যক যাত্ৰীবাহী বাছৰ লগতে ট্ৰাক পথৰ ওপৰতে ৰৈ থাকিবলগীয়া হৈছে। এক কথাত ক’বলৈ গ’লে ছয়গাঁৱত এক অৱৰ্ণীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷

কালি সন্ধিয়াৰ পৰা চলা এই গৰাখহনীয়াই দলংখনৰ কাষত থকা ছয়গাঁও জামে মছজিদটোলৈও ভাবুকি কঢ়িয়াই আনিছে। কিয়নো দলং খনৰ পশ্চিম দিশেও অব্যাহত আছে গৰাখহনীয়া৷ অৱশ্যে বিভাগীয়ভাৱে দলংখনৰ গৰাখহনীয়া এলেকাত জিঅ’ বেগ তথা অন্যান্য উপায়েৰে খহনীয়া বন্ধ কৰাৰ চেষ্টা কৰাৰ লগতে পথটো যাতায়তৰ বাবে সূচল কৰাৰ বাবে কাম আৰম্ভ কৰিছে৷

আনহাতে ছয়গাঁৱৰ দক্ষিণ দিশৰ বালাসিদ্ধিত বিশেষকৈ সাতেকণা অঞ্চলত বিগত কিছুদিনৰ পৰা কলহী নৈৰ গৰাখহনীয়া চলি আছে। যাৰ ফলত নৈৰ পৰীয়া লোক সকল শংকিত হৈ পৰিছে। ইতিমধ্যে বহু পৰিয়ালৰ গছ গছনিৰ লগতে বস্তিৰ মাটিও নৈৰ বুকুত জাহ গৈছে ৷ বৰ্তমান নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈ থকাৰ বাবে খহনীয়া সামান্য কমিছে যদিও পানী শুকুওৱাৰ পিচত খহনীয়া বৃদ্ধি পাব বুলি স্থানীয় লোকে জানিবলৈ দিছে।

আনহাতে যোৱা দুদিনধৰি নেৰা নেপেৰা বৰষুণৰ ফলত কলহী নৈ ফেনে ফোটোকাৰে বাঢ়ি আহিছে। ফলত ছয়গাঁও চহৰৰ কেইবাটাও অঞ্চল পানীত বুৰ গৈছে। বিশেষকৈ চৌধুৰীপাৰা অঞ্চলৰ কেইবাটাও পৰিয়ালৰ ঘৰ পানীত বুৰ গৈছে ৷ আনহাতে ছয়গাঁও আৰক্ষী থানাৰ লগতে চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদতো কলহী নৈৰ পানী সুমাই চৌহদতো বুৰাই পেলাইছে। বৰ্তমান পানী কমা নাই৷ আনহাতে আজিৰ পুৱাৰ ভাগৰ পৰা ছয়গাঁও ঔগুৰী পথৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰাৰ ফলতো যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৷

প্ৰেৰক ভগৱান দাস

You might also like