নিবেদিতা শইকীয়ালৈ ড০ বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় সন্মান
বিশেষ বাৰ্তা, ১২ ডিচেম্বৰঃ যোৱা ১১ ডিচেম্বৰত নগাঁও জিলাৰ খুটিকটীয়াৰ কবি, অনুবাদক, অভিনেত্ৰী তথা কৃতী শিক্ষক নিবেদিতা শইকীয়াক দিল্লীৰ বাবু জগজীৱন ৰাম কলা সংস্কৃতি আৰু সাহিত্য একাডেমীৰ তৰফৰ পৰা নতুন দিল্লীৰ ৰাজেন্দ্ৰ ভৱনত অনুষ্ঠিত ৫৩সংখ্যক বিজয় দিবসত ড০ বি. আৰ. আম্বেদকাৰ ৰাষ্ট্ৰীয় সন্মান পদক-২০২৪ৰে সন্মানিত কৰে। নিবেদিতা শইকীয়াই উক্ত পদকটি লোকসভাৰ প্ৰাক্তন অধ্যক্ষা মীৰা কুমাৰৰ হাতৰ পৰা গ্ৰহণ কৰে। উক্ত অনুষ্ঠানত ভাৰতবৰ্ষ বিভিন্ন ৰাজ্যৰ ব্যক্তি উপস্থিত থকাৰ লগতে নেপালৰ পৰা অহা বিভিন্ন ক্ষেত্ৰৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষয়িত্ৰী নিবেদিতা শইকীয়া বোকাখাতৰ প্ৰয়াত মহেন্দ্ৰ নাথ শইকীয়া আৰু সুখ শইকীয়াৰ জীয়ৰী আৰু নগাঁৱৰ অমল জ্যোতি শইকীয়াৰ পত্নী। শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ “দেৱদাস” উপন্যাস অসমীয়ালৈ (“দেৱদাস : এক অসমাপ্ত প্ৰেম গাথা”) অনুবাদ কৰি পাঠক তথা বিদ্বৎ সমাজৰ বহুল সমাদৰ লাভ কৰা নিবেদিতা শইকীয়া এগৰাকী সামাজিক, সাংস্কৃতিক কৰ্মী আৰু এগৰাকী সুঅভিনেত্ৰী ৰূপে পৰিচিত। আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, সদৌ অসম লেখিকা সমাৰোহ সমিতি, সদৌ অসম মইনা পাৰিজাত, অসম সাহিত্য সভা আদি বিভিন্ন অনুষ্ঠানৰ লগত জৰিত শইকীয়া মূলতঃ এগৰাকী অনুবাদক হিচাপে পৰিচিত যদিও শিশু সাহিত্যিক, কবি হিচাপেও তেওঁ পৰিচিত।
প্ৰেৰক অমৰ শৰ্মা