কাৰোবাৰ প্রৰোচনাত জংঘললৈ এনএলএফবি
নিয়মীয়া বাৰ্তা, ২১ জুনঃ বি টি আৰ চুক্তিৰ ৯নং দফা অনুসৰি অস্ত্র ত্যাগ কৰি মূল সুঁতিলৈ ঘূৰি অহা এন ডি এফ বি সদস্যসকলৰ পুনৰ সংস্থাপনৰ বিষয়টোৱে ইতিমধ্যে সাকাৰ ৰূপ ধাৰণ কৰিছে৷ কালি বিষয়টোক লৈ গুৱাহাটীত এক উচ্চ পর্যায়ৰ বৈঠক অনুষ্ঠিত হোৱাৰ পিছত দেওবাৰে কোকৰাঝাৰত এন ডি এফ বি সদস্যসকলক লৈ ‘দক্ষতা বিকাশ প্রশিক্ষণ’ৰ আনুষ্ঠানিক শুভাৰাম্ভ কৰা হয়৷
কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্রকল্পৰ প্রেক্ষাগৃহত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত বিটিচিৰ মুখ্য কার্য্বাহী প্রমোদ বডোৱে কয় যে বডো শান্তি চুক্তিৰ বহুকেইটা দফা ইতিমধ্যে ৰূপায়ণ হৈছে৷ চুক্তিৰ ৯নং দফা অনুসৰি প্রাক্তন এন ডি এফ বিসকলক পুনৰ সংস্থাপনৰ দ্বিলৈ ইতিমধ্যে সিদ্ধান্ত গ্রহণ কৰা হৈছে আৰু সেই অনুসৰি প্রাক নিযুক্তি প্রশিক্ষণৰ যোগেদি প্রাক্তন এন ডি এফ বিসকলক সামৰিক আৰু অর্ধসামৰিক বাহিনীত নিযুক্তি দিয়া হ’৷ যিসকলৰ নিযুক্তিৰ ইতিমধ্যে বয়স উকলি গৈছে তথা প্রাক নিযুক্তি প্রশিক্ষণৰ যোগেদিও যিসকলে যোগ্যতা অর্জন কৰ্বি নোৱাৰে তেওঁলোকক দক্ষতা বিকাশ প্রশিক্ষণৰ জৰিয়তে স্বাৱলম্বী কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে৷ বি টি আৰ চুক্তিৰ দফাসমূহ আগন্তুক ছয় মাহৰ ভিতৰতে ৰূপায়ণ কৰা হ’ বুলি অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রতিশ্রুতি দিয়াৰ বােব মুখ্যমন্ত্রীলৈ ধন্যবাদ জ্ঞাপন কৰিছে বিটিচিৰ মুখ্য কার্য্বাহী প্রমোদ বডোৱে৷ ইতিমধ্যে অসম চৰকাৰে ৪ হাজাৰ প্রাক্তন এন ডি এফ বি কেডাৰলৈ চাৰি লাখকৈ আর্থিক অনুদান দিয়াৰ কথা ঘোষণা কৰিছে৷
এন ডি এফ বিসকলৰ গোচৰ মুক্ত কৰাৰ কাম চলি আছে আৰু কিছুদিনৰ ভিতৰত সেয়া সম্ভৱ হৈ উঠ্বি বুলি আশা প্রকাশ কৰি প্রমোদ বডোৱে কার্বি আংলঙৰ বডোসকলক পর্াবত্য জনজাতিৰ মর্যাদা প্রদানৰ কামো সফল হোৱাৰ পথত বুলি মন্ত্ব্য কৰিছে৷ হাতত পুনৰ অস্ত্র লৈ জংঘললৈ যোৱা এন এল এফ বিক পুনৰ মূল সুঁতিলৈ ঘূৰি আহ্বিলৈ আহ্বান জনাই প্রমোদ বডোৱে কয় যে চৰকাৰৰ বিৰুদ্ধে কেইজনমান ল’ৰাই ডাঙৰ বিপ্লৱ আন্বি নোৱাৰে৷ তেওঁলোক কাৰোবাৰ প্রৰোচনাত পৰি জংঘললৈ গৈছে৷ ইপিনে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই এক ভিডি’ ক্লিপযোগে বডো শান্তি চুক্তিয়ে অঞ্চলটোলৈ শান্তি ঘূৰাই অনা বুলি সদৰী কৰি চুক্তিৰ দফাসমূহ যথোপযুক্তভাৱে কার্যকাৰী কৰা হ’ বুলি প্রকাশ কৰিছে৷