‘NO FACE MASK, NO ENTRY’ ক’ত?
নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিলঃ সমগ্ৰ দেশজুৰি ক’ৰোনা ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে ক’ৰোনাৰ বিৰুদ্ধে যুঁজিছে প্ৰতিজন ভাৰতীয়ই। দ্বিতীয় পৰ্যায়ৰ লক ডাউন সমাপ্ত হোৱাৰ পূৰ্বেই প্ৰধানমন্ত্ৰী মোদীৰ সৈতে দেশৰ মুখ্যমন্ত্ৰীসকলৰ বৈঠক আৰু বৈঠকত দেশবাসীক মাক্সৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে।
সেই উদ্দেশ্য আগত ৰাখি হাইলাকান্দিত বিশেষ পদক্ষেপ। ড্ৰীম নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে হাইলাকান্দিৰ কেইবাটাও ৱাৰ্ডত লগালে ‘NO FACE MASK, NO ENTRY’। মাক্স পৰিধান নকৰা লোকসকলক পথৰে যাতায়াত কৰিবলৈ দিয়া নহ’ব বুলি মন্তব্য কৰে স্থানীয় বাসিন্দাই।