নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খৰাঙে দহিছে ৰবিশস্যৰ পথাৰ; দুমাহ ধৰি এটোপো বৰষুণ নাই ধলপুৰত

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ– লখিমপুৰ জিলাৰ ধলপুৰ অঞ্চলত যোৱা কাতিবিহুৰ এসপ্তাহ পূৰ্বৰ পৰা এটোপাও বৰষুণ নোহোৱাৰ বাবে অঞ্চলটোৰ ৰবিশস্যৰ কৃষক সকল ভীষণ লোকচানৰ সন্মুখীন হৈছে ৷ বতৰৰ দীঘলীয়া খৰাং অৱস্থাৰ বাবে পথাৰৰ মাটিৰ স্বাভাৱিক উৰ্বৰা গুণ লোপ পোৱাৰ ফলত আলু,সৰিয়হ, বেঙেনা,বিলাহী,মটৰ,কবি,মূলা,লাই প্ৰভৃতি শাক-পাচলিৰ খেতি পথাৰতে লেৰেলি গৈছে ৷ গৰীৱ কৃষকে গাঁথিৰ ধন ভাঙি,ঘৰৰ গৰু-ছাগলী,হাঁহ-কুকুৰা,ধানকে ধৰি বিভিন্ন সা-সম্পত্তি বিক্ৰী কৰি অথবা ধাৰলৈ ধন লৈ কৰা খেতিদৰা অপ্ৰত্যাশিত ভাৱে লেৰেলি শুকাই যোৱাত নিৰুপায় অৱস্থাৰ সন্মুখীন হৈছে ৷ ৰাজনৈতিক দল সমূহে নিৰ্বাচনৰ  সময়ত কেৱল ভোট লাভৰ অংকৰে কৃষকৰ প্ৰায় সকলো সমস্যা দুৰ কৰি দিয়াৰ প্ৰতিশ্ৰুতি বৰ্ষণ কৰাৰ বিপৰীতে নিৰ্বাচনী বৈতৰণী পাৰ হৈ চৰকাৰ গঠন কৰাৰ পিচতে কৃষকৰ সন্মুখত সলসলীয়াকৈ মুখস্থ মতা প্ৰতিশ্ৰুতিৰ কথা সমূলি পাহৰি যায় ৷ ফলত পথাৰত স্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিয়া জলসিঞ্চন বিভাগৰ গভীৰ-অগভীৰ নলীনাদ আঁচনি ,পথাৰত স্থাপন কৰিব লগীয়া চ’লাৰ এনাৰ্জি,পানীৰ উঠোৱা পাম্প আদিবোৰ একোৱেই কৃষকে নাপায় ৷ চৰকাৰে দুই এঠাইত গভীৰ(বৰিং পাইপ) নলীনাদ স্থাপন কৰিছে যদিও সেইবোৰ ৰাজনৈতিক দলৰ সৰু-বৰ নেতাৰ বাৰী শুৱনি কৰাৰহে অভিযোগ উঠিছে ৷ চৰকাৰী সুবিধা সম্পৰ্কে ভূ ল’বলৈ সময় নোপোৱা খেতি পথাৰত ব্যস্ত থকা কৃষকে এনেবোৰ আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে ৷ দিনটোৰ সৰহ সময় বিধায়ক,পঞ্চায়ত প্ৰতিনিধি ,ৰাজনৈতিক দলৰ নেতাৰ পিছে পিছে ঘুৰি ফুৰা,খেতি বা খেতিৰ বাবে প্ৰয়োজনীয় সঁজুলি সম্পৰ্কীয় জ্ঞান নথকা অকৃষকেহে কৃষি ক্ষেত্ৰৰ বাবে আবণ্টিত সুবিধা সমূহ লাভ কৰা বুলিয়ো একাংশ কৃষকে অভিযোগ তুলিছে ৷ উল্লেখ্য যে আৱাসিক এলেকাৰ পৰা আঁতৰত থকা কৃষিক্ষেত্ৰ সমূহত বিদ্যুত ব্যৱস্থা নথকা বাবে বৈদ্যুতিক মটৰ জৰিয়তে জলসিঞ্চন ব্যৱস্থা কৰবলৈ অপাৰগ কৃষক ৷ কিছু কিছু স্থানত যদিওবা বিদ্যুত পৰিবাহী তাঁৰ পথাৰৰ ওপৰে গৈছে তেনে স্থানত জলাশয় বা পুখুৰী নথকাত সুযোগ লাভৰ পৰা বঞ্চিত কৃষক ৷ তেনে কৃষিক্ষেত্ৰত নলী নাদ আৰু চ’লাৰ ব্যৱস্থাৰ বিকল্প নাই ৷ কিন্তু ধলপুৰ অঞ্চলত চৰকাৰীভাৱে সংস্থাপন কৰা গভীৰ নলী নাদ প্ৰকল্প এটাও নোহোৱাৰ বিপৰীতে একাংশ ৰাজনৈতিক দলৰ নেতা-পালিনেতাৰ ঘৰৰ ওচৰে পাজৰে কেইটামান অগভীৰ নলীনাদ আছে যদিও সেইবোৰ কৃষি ক্ষেত্ৰৰ বাবে নহয় এনেয়ে আছে ৷ চৰকাৰৰ সংশ্লিষ্ট বিভাগে কৃষিক্ষেত্ৰ সমূহ নিৰীক্ষণ কৰি এনে অগভীৰ নলীনাদ স্থাপনৰ ব্যৱস্থা কৰা হেতেন অন্ততঃ মুষ্টিমেয় একাংশ কৃষক উপকৃত হোৱাৰ সম্ভাৱনা আছিল ৷ ইপিনে অঞ্চলটোত কৃষি বিভাগ বা জলসিঞ্চন বিভাগৰ জৰিয়তে পথাৰৰ নিৰ্দিষ্ট দূৰত্বত নলীনাদ স্থাপনৰ ব্যৱস্থা কৰিলেও একাংশ কৃষক উপকৃত হোৱাৰ সম্ভাৱনা আছে ৷ কিন্তু চৰকাৰী যন্ত্ৰটোৱে কৃষকক কেৱল শোষণ আৰু প্ৰতাৰণাৰ সহজ লক্ষ্য হিচাপেহে যুগ যুগ ধৰি ব্যৱহাৰ কৰি অহাৰ বিপৰীতে কৃষক শ্ৰেণীৰ সুবিধা-অসুবিধাৰ প্ৰতি দায়বদ্ধহীনতাৰ বাবে কৃষক সকল চৰকাৰী সা সুবিধাৰ পৰা যুগে যুগে বঞ্চিত হৈ ৰৈছে ৷ ৰাজনৈতিক দলৰ নেতা-পালিনেতাৰ খেতি খৰাঙত নষ্ট হ’লে চৰকাৰে ক্ষতিপূৰণ দিয়াৰো ব্যৱস্থা কৰিলে হেতেন ৷ কিন্তু প্ৰত্যক্ষ ৰাজনীতিৰ পৰা আঁতৰত থকা খাটি খোৱা কৃষকৰ বাবে ক্ষতিপূৰণৰ ব্যৱস্থা অকল্পনীয় ৷ ফলত উপান্ত ৰবিশস্যৰ কৃষকৰ ওচৰত বৰুণ দেৱতাৰ কৃপাৰ ব্যতিৰেকে আন কোনো বিকল্প সুদূৰ পৰাহত ৷
প্ৰতিবেদন  ## মাধূৰ্য দাস,ধলপুৰ ##
You might also like