উত্তৰ-পূব সাহিত্য পৰিষদৰ ৰঙিয়া জিলা সমিতি গঠন
নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰী:- লোক-সংস্কৃতিকে ধৰি অসমীয়া সাহিত্য-সংস্কৃতিক উত্তৰ-পূবৰ লগতে সমগ্ৰ দেশতে প্ৰসাৰ আৰু বিস্তাৰ কৰিবলৈ গঠন হোৱা উত্তৰ-পূব সাহিত্য সভাৰ ৰঙিয়া জিলা সমিতি আজি কোঠৰা উচ্চ মাধ্যমিক বিদ্যালয়ত গঠন কৰা হয় । অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক কন্দৰ্পেশ্বৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত উত্তৰ-পূব সাহিত্য পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদক হেমচন্দ্ৰ বৰ্মনে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । প্ৰধান সম্পাদক বৰ্মনে পৰিষদৰ উদ্দেশ্য আৰু লক্ষ্য বিস্তৃত ব্যাখ্যা আগবঢ়ায়। সভাৰ আৰম্ভণিতে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত পৰিচালক পংকজ পল্লৱ শৰ্মা আৰু বিশিষ্ট শিল্পী নিয়ৰ পৰশক সম্বৰ্ধনা জনোৱা হয় । ৰাজ্যিক কৃতী শিক্ষক যাদৱ কুমাৰ কলিতাই আঁত ধৰা সভাত অঞ্চলটোৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে । কন্দৰ্পেশ্বৰ শৰ্মাক সভাপতি, বসন্ত দাসক সম্পাদক, যাদৱ কুমাৰ কলিতা আৰু পংকজ পল্লৱ শৰ্মাক যুটীয়া সম্পাদক হিচাপে জিলা সমিতিখন গঠন কৰা হয় ।
প্ৰেৰক ফাৰুক হুছেইন