নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বিলং-চেৰাপুঞ্জীত নহয়, মেঘালয়ৰ তুৰাত অসমৰ বাহনত আক্ৰমণ

নিয়মীয়া বাৰ্তা, ২৯ জুলাইঃ শ্বিলং অথবা চেৰাপুঞ্জীত নহয়, এইবাৰ মেঘালয়ৰ তুৰাত অসমৰ বাহনত আক্ৰমণ চলালে মেঘালয়ৰ একাংশ টেক্সি চালকে৷ শিল দলিয়াই ভাঙিলে বাহনৰ গ্লাচ, লক৷ গোৱালপাৰাৰ এগৰাকী যুৱক নাম লোহিত নাথ, পেছাত গড়কাপ্টানী বিভাগৰ ঠিকাদাৰ৷ যুৱকজনে কালি গৈছিল গাৰোপাহাৰৰ তুৰালৈ৷ পথৰ দাঁতিত নিশা ৰখাই থোৱা বাহনখনত আজি পুৱা একাংশ টেক্সি চালকে অতৰ্কিতে অসমৰ পঞ্জীয়নভুক্ত বাহনখনত আক্ৰমণ চলায়। বিশেষ কোনো কাৰণ নথকাকৈয়ে আক্ৰমণৰ অভিযোগ গোৱালপাৰাৰ যুৱকজনৰ। আক্ৰমণৰ পিছতে তুৰা থানালৈ গৈ ভুক্তভোগীয়ে অভিযোগ দিছিল যদিও বিভিন্ন অজুহাত দেখুৱাই মেঘালয় আৰক্ষীয়ে গোচৰ ৰুজু নকৰি তাৰ পৰা গুচি আহিবলৈহে নিৰ্দেশ দিয়ে৷ এই গুৰুত্বৰ অভিযোগ লোহিত নাথৰ। পুৱাৰ ভাগত অসমৰ বাহনখনত আক্ৰমণ কৰাৰ পিছত তুৰা থানাৰ সন্মুখতো পুনৰ বাহনখনত একাংশ টেক্সি চালকে আক্ৰমণ কৰিবলৈও উদ্যত হয় বুলি জানিবলৈ দিয়ে ভুক্তভোগী যুৱকজনে৷ সংবাদ মাধ্যৰ জৰিয়তে দুয়োখন ৰাইজৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালকপ্ৰধানক বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি মেঘালয়ত অসমৰ লোকৰ নিৰাপত্তা ব্যৱস্থা কৰিবলৈ আহ্বান। উল্লেখ্য যে ইয়াৰ পূৰ্বেও যুৱকজনে প্ৰায়ে তুৰালৈ যায় যদিও পূৰ্বে এনেধৰণৰ কোনো ঘটনাৰ সন্মুখীন হোৱা নাছিল৷ ভুক্তভোগী লোহিত নাথৰ ঘৰ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকানত।

প্ৰেৰক বেনজিন বড়ো

You might also like