নৱেম্বৰৰ পৰা অসমৰ বিজেপি বিধায়কৰ প্ৰশিক্ষণঃউপস্থিত থাকিব গৃহমন্ত্ৰী অমিত শ্বাহ-ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা
নিয়মীয়া বাৰ্তা ,৬ নৱেম্বৰ:-বিজেপিয়ে মুম্বাইত অসমৰ শাসকীয় দলটোৰ বিধায়ক সকলৰ বাবে প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰিছে । দলটোক আগুৱাই নিয়াৰ লগতে বিধায়কৰ দায়িত্ব আৰু কৰ্তব্য সন্দৰ্ভত ১২ নৱেম্বৰৰ পৰা ১৪ নবেম্বৰলৈ মুম্বাইত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব এই প্ৰশিক্ষণ শিবিৰ । বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই আজি সংবাদ মাধ্যমক জানিবলৈ দি কয় যে তিনিদিনীয়াকৈ আয়োজন কৰা এই শিবিৰত বিজেপিৰ অসমৰ সকলো বিধায়কে অংশগ্ৰহণ কৰিব । মূলতঃ বিধায়ক সকলৰ কাম-কাজ আৰু সাংগঠনিক দিশটোকলৈ এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে । শিবিৰটোত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ , বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাসহ বহু কেইগৰাকী মন্ত্ৰী-নেতা উপস্থিত থাকিব বুলি সভাপতি কলিতাই দোহাৰে