NRC বিতৰ্কঃ প্রতীক হাজেলাৰ বিৰুদ্ধে ২২ টা গোচৰ তৰিব এপিডব্লিউৱে
নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ এনআৰচি প্ৰকাশৰ সমগ্ৰ প্ৰক্ৰিয়াক লৈ পূৰ্বৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে ২২ টা গোচৰ দাখিল কৰিব আছাম পাব্লিক ৱৰ্কছ এ । ইতিমধ্যে তিনিটাকৈ গোচৰ দাখিল কৰা এপিডব্লিউৱে অনাগত সময়ছোৱাত প্রতীক হাজেলাৰ বিভিন্ন দুর্নীতি আৰু অনিয়মৰ বিৰুদ্ধে পুনৰ ১৯টা গোচৰ দাখিল কৰিব৷ এই সন্দর্ভত এপিডব্লিউৰ সভাপতি অভিজিৎ শর্মাই জানিবলৈ দিয়া মতে এনআৰচিৰ চূড়ান্ত তালিকাত বিসংগতি, ধনৰ খেলিমেলি আৰু কম্পিউটাৰ ছফ্টৱেৰ বিসংগতিকে ধৰি একাধিক অনিয়ম কৰিছে প্রতীক হাজেলাই৷ গতিকে প্রতিটো অনিয়ম আৰু দুর্নীতিৰ বিৰুদ্ধে গোচৰ দাখিল কৰা হ’ব৷ মন কৰিবলগীয়া যে ইতিমধ্যে এপিডব্লিউৰ তিনিটা গোচৰৰ লগতে গৰিয়া–মৰিয়া যুৱ–ছাত্র পৰিষদে এটা আৰু ডিব্রুগড়ৰ এজন ব্যক্তিয়ে হাজেলাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিছে৷ বিগত বর্ষৰ ছেপ্ঢেম্বৰ মাহৰ শেষভাগত এপিডব্লিউৱে প্রথমটো গোচৰ গীতানগৰ আৰক্ষী থানাত দাখিল কৰাৰ বিপৰীতে যোৱা নৱেম্বৰ মাহত দ্বিতীয়টো গোচৰ চিবিআই আৰু শেহতীয়াকৈ তৃতীয়টো গোচৰ চিআইডিত দাখিল কৰিছে৷ এনআৰচি প্রকাশৰ বাবদ কেন্দ্রীয় চৰকাৰে যোগান ধৰা প্রায় ১,৬০০ কোটি টকাৰ ব্যাপক অনিয়ম হোৱা বুলি চিবিআইত অভিযোগ দাখিল কৰা এপিডব্লিউৱে এইবাৰ অকর্তৃত্বশীলভাৱে একাংশ প্রতিষ্ঠানক প্রতীক হাজেলাই বিয়াগোম পৰিমাণৰ পুঁজি মোকলাই দিয়াৰ অভিযোগ কৰিছে৷ সেয়াই নহয়, উইপ্র’ৰ লগত হোৱা চুক্তিৰ ক্ষেত্রতো ব্যাপক ধনৰ লেনদেন হোৱাৰ অভিযোগ আছে৷
মন কৰিবলগীয়া যে ১৯৯৫ বেটছ আইএএছ বিষয়া প্রতীক হাজেলাই উইপ্র’ৰ সৈতে কৰা চুক্তি ইমানে দুর্বল আছিল যে প্রতিষ্ঠানটোৱে এনআৰচিৰ দৰে গুৰুত্বপূর্ণ তথ্য নিজৰ ইচ্ছা অনুসৰি ৱেবছাইট বন্ধ কৰি ৰাখিছিল৷ এই বিষয়টোক লৈও যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল ৰাজ্য চৰকাৰ৷ প্রতীক হাজেলাৰ বিৰুদ্ধে এনে একাধিক অভিযোগ উত্থাপন হোৱাৰ সময়তে হাজেলাৰ ঘনিষ্ঠ এগৰাকী এনআৰচি সঞ্চালকালয়ৰ কর্মচাৰী যুৱতীৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ দাখিল হৈছে৷ ইফালে, এনআৰচি সঞ্চালকালয়ৰ হাজেলাৰ ঘনিষ্ঠ একাংশ বিষয়া–কর্মচাৰীয়ে বিষয়াগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ঢ়াকি ৰখাৰ চেষ্টা চলাইছে৷ এইসকল কর্মচাৰীৰ মত– হাজেলাক ডাইনীৰ দৰে সন্দেহ কৰা হৈছে৷ দৰাচলতে তেওঁৰ বিৰুদ্ধে অনিয়মৰ কোনো অভিযোগ নাই৷ সন্দেহৰ ভিত্তিতহে অভিযুক্ত কৰা হৈছে হাজেলাক৷ স্মর্তব্য যে বিগত বর্ষৰ ৩১ আগষ্টত এনআৰচি প্রকাশৰ পাছতে উচ্চতম ন্যায়ালয়ৰ শৰণাপন্ন হৈ মধ্যপ্রদেশলৈ বদলি হৈ গৈছে প্রতীক হাজেলা৷