গৌৰীপুৰ থানাৰ অ’চি হিমাক্ষী নাথক ৰিজার্ভ ক্ল’জ
নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট: বনকৰা মহিলাক প্রহাৰ কৰাৰ অভিযোগত মঙলবাৰে গৌৰীপুৰ থানাৰ ভাৰপ্রাপ্ত বিষয়া হিমাক্ষী নাথ আৰু কনিষ্টবল প্রতিমা ৰায়ক ৰিজার্ভ ক্ল’জ কৰা হয়৷ ধুবুৰীৰ মুখ্য ন্যায়িক দণ্ডাধীশ হিমাক্ষী ঠাকুৰীয়া বুৰাগোহাইৰ ঘৰত কুৰিৰপাৰ বাসিন্দা হৰেন্দ্র নাথ ৰায়ৰ কন্যা প্রতিমা ৰায়ে (৩০) বনকৰা হিচাপে কাম কৰিছিল৷
মুখ্য ন্যায়িক দণ্ডাধীশৰ ঘৰৰ পৰা এটা গিলাচ চুৰি হোৱাত যোৱা ১৯ আগষ্টত বনকৰা মহিলা প্রতিমা ৰায়ক ভাৰপ্রাপ্ত আৰক্ষী বিষয়া হিমাক্ষী নাথে গৌৰীপুৰ থানালৈ মাতি পঠিয়ায়৷ অভিযোগ মতে, থানাতে পিতৃ হৰেন্দ্র নাথ ৰায়ৰ সন্মুখত কন্যা প্রতিমাক আৰক্ষীয়ে নির্দয়ভাৱে মাৰপিট কৰে৷
এই ঘটনা পিতৃয়ে সহ্য কৰিব নোৱাৰি কুৰিৰপাৰৰ এখন টোলত সেইদিনা নিশাই আত্মহত্যা কৰে৷ এই ঘটনাই সমগ্র ধুবুৰী জিলাত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে তদন্তৰ জৰিয়তে দোষীক শাস্তিৰ দাবী জনায় দল–সংগঠনে৷
আনকি দোষীক শাস্তিৰ দাবীত আক্রাছুৰ কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক সুনাধৰ ৰায়ে (হিতেশ গোট) আৰক্ষী বিষয়া হিমাক্ষী নাথ আৰু ধুবুৰীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ ধুবুৰী জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে ধুবুৰীৰ উপ–আৰক্ষী অধীক্ষক (সদৰ)ক তদন্তৰ দায়িত্ব অর্পণ কৰে৷ উপ–আৰক্ষী অধীক্ষকগৰাকীৰ প্রাথমিক তদন্তৰ পিছতে আজি আৰক্ষী বিষয়া হিমাক্ষী নাথ আৰু কনিষ্টবল প্রতিমা ৰায়ক ৰিজার্ভ ক্ল’জ কৰে৷ আনহাতে, আক্রাছুৰ সুনাধৰ ৰায়, কমলেশ্বৰ ৰায়, জীৱেশ চন্দ্র ৰায়, বিষ্ণুজ্যোতি ৰায়ে জিলা আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰি প্রতিমা ৰায়ক ন্যায় প্রদানৰ দাবীত এখন স্মাৰক–পত্র প্রদান কৰে৷ লগতে মুখ্য ন্যায়িক দণ্ডাধীশ আৰু আৰক্ষী বিষয়া হিমাক্ষী নাথক চাকৰিৰ পৰা বর্খাস্ত কৰি তদন্তৰ জৰিয়তে জে’ললৈ প্রেৰণ কৰাৰ দাবী জনায় আক্রাছুৱে৷ ভুক্তভোগী পৰিয়ালটোক আর্থিক সাহায্য প্রদান কৰাৰ লগতে দোষীক কঠোৰ শাস্তিৰ দাবী জনায় কমতাপুৰ পিপলছ পার্টী চমুকৈ কে পি পিৰ কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ে৷