নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিন্দু যুৱ ছাত্ৰ পৰিষদৰ অখণ্ড ভাৰত দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ১৪ আগষ্ট: হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত বিগত বছৰবোৰৰ দৰে এইবাৰো হিন্দু যুৱ-ছাত্ৰ পৰিষদ, যোৰহাট জিলা ‌সমিতি আৰু নগৰ সমিতিৰ সহযোগত অখণ্ড ভাৰত দিৱস পালন কৰা হয়। এক বিবৃতিৰ জৰিয়তে পৰিষদৰ জিলা সমিতিৰ সভাপতি বিকি তাঁতী আৰু সাধাৰণ সম্পাদক পৰাগজ্যোতি বৰাই ব্যক্ত কৰে যে ভাৰতবৰ্ষখন ধৰ্মৰ ভিত্তিত বিভিন্ন সময়ত বিভাজন হৈছিল। বিশাল ভাৰতবৰ্ষৰ ভূ-খণ্ডৰ পৰা ১৮৭৬ চনত আফগানিস্তানৰ পৰা আৰম্ভ কৰি কেইবাখনো ওচৰ চুবুৰীয়া ৰাষ্ট্ৰ ধৰ্মৰ ভিত্তিত বিভাজন হৈ সুকীয়া ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছিল।‌ ১৯৪৭ চনৰ ১৪ আগষ্টলৈকে পাকিস্তান আৰু বাংলাদেশ ভাৰতবৰ্ষৰ অংগ আছিল।‌ গতিকে আমি সকলোৱে এই শিক্ষা লোৱা উচিত আৰু বুজি উঠা উচিত যে আমি হিন্দুসকল ভাগ ভাগ নহৈ এক হৈ ভাৰত মাতাক ৰক্ষা কৰাৰ লগতেই বিভিন্ন অপশক্তিক নাশ কৰিবলৈ মাৰবান্ধি থিয় হোৱা উচিত। সেয়েহে ১৪ আগষ্টৰ দিনটোৰ কাৰ্যসূচীৰ দ্বাৰা অখণ্ড ভাৰত দিৱস পালন কৰি ভাৰতবৰ্ষত দেখা দিয়া পূৰ্বৰ বিচ্ছিন্নতাৰ কু-ফল ভৱিষ্যতে বিচ্ছিন্নতাৰ পৰা হ’ব পৰা ভয়াবহতাৰ বিপৰীতে অখণ্ডতাৰ বাস্তৱ শক্তি জনসাধাৰণৰ মাজত উপলব্ধি কৰোৱাই এই কাৰ্যসূচীৰ প্ৰধান উদ্দেশ্য বুলিও উক্ত প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰে নেতা দুয়োজনে।

You might also like