চিৰাঙৰ ভূটান সীমান্তৱৰ্তী দাদগিৰীত ২টা হাতী দাঁতৰ সৈতে এজনক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ২৪ আগষ্টঃ চিৰাং জিলাৰ ভূটান সীমান্তৱৰ্তী দাদগিৰীত আৰক্ষীয়ে অভিযান চলাই ২টা হাতী দাঁত উদ্ধাৰ কৰাৰ লগতে এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। বিশেষ সূত্ৰে লাভ কৰা তথ্যৰ আধাৰত চিৰাং জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত তথা ৰুণীখাটা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সহযোগত চলোৱা অভিযানৰ সময়ত অলেন বসুমতাৰী(৪৬, পিতৃ- প্ৰয়াত মইনা বসুমতাৰী ) নামৰ বন্য জন্তুৰ চোৰাং চিকাৰ তথা সৰবৰাহত জড়িত থকা ব্যক্তি জনক আটক কৰাৰ লগতে তেওঁৰ ৰুণীখাটা থানাৰ অন্তৰ্গত ২নং খাগ্ৰাবাৰীস্থিত গাঁৱৰ বাসগৃত লুকুৱাই ৰখা অৱস্থাত দুটা প্ৰকাণ্ড হাতী দাঁত উদ্ধাৰ কৰে।
হাতী দাঁত দুটাৰ প্ৰতিটোৰ আনুমানিক ওজন ৫ কিলোগ্ৰাম হ’ব বুলি চিৰাং আৰক্ষী অধীক্ষক সুধাকৰ সিঙে কিছুসময় পূৰ্বে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। ঘটনা সংক্ৰান্তত দাদগিৰী আৰক্ষী পহৰা চকীত GDE-321 নম্বৰত এটা গোচৰ ৰুজু কৰিছে। গ্ৰেপ্তাৰ কৰা লোক জনক অধিক তথ্যৰ বাবে চিৰাং আৰক্ষীয়ে সোধাপোছা অব্যাহত ৰাখিছে।।