নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্ৰেণ্ডত ট্ৰেডিং : অনলাইন ট্ৰেডাৰ অঞ্জন সুপ্ৰিয়ম দাস আৰক্ষীৰ জালত

বিশেষ বাৰ্তা, ৫ ছেপ্টেম্বৰঃ দেশৰ বিত্তীয় ব্যৱস্থাক অংগুষ্ঠ প্ৰদৰ্শন কৰি একাংশ লোকে বৃহৎ পৰিমাণৰ ধন লেনদেনৰে সাধাৰণ লোকৰ ধন অধিক লাভ আশাৰে জালত পেলাই লাখ লাখ টকা আত্মসাৎ কৰা একাংশ প্ৰবঞ্চক সম্প্ৰতি আৰক্ষীৰ জালত। শোণিতপুৰ আৰক্ষীয়ে ৯জনক ইতিমধ্যে আটক কৰাৰ পাছত পুনৰ এজনক চাৰিদুৱাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। চাৰিদুৱাৰ আৰক্ষীয়ে পঞ্জীয়ন কৰা ১৪৬/২৪ গোচৰ ভাৰতীয় ন্যায় সংহিতা ৩১৬(২)/৩১৮(৪) আৰ/ডব্লিউ আইনৰ ২১(১)/২১(২)/২১(৩)  বেনিং অফ অনিয়ন্ত্ৰিত জমা আঁচনি আইন ২০১৯ৰ দ্বাৰা এটা গোচৰত অঞ্জন সুপ্ৰিয়ম দাসক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে অনলাইন ট্রেডিঙত জড়িত প্ৰবঞ্চকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান চলাই থকাৰ মাজতে খোদ অসম আৰক্ষীৰ এজনৰ নাম পোহৰলৈ আহিছে এই কাণ্ডৰ মাষ্টাৰমাইণ্ড হিচাপে। অঞ্জন সুপ্ৰিয়ম দাস নামৰ এজন ব্যক্তিক কালি নিশা চাৰিদুৱাৰ আৰক্ষীয়ে আটক কৰাৰ পিছত সুৰজ ডেকা নামৰ এজন প্ৰবঞ্চকৰ নাম পোহৰলৈ আহিছে। আৰু এই সুৰজ ডেকা চি আই ডি ৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত বিষয়া বুলি দাবী কৰিছে ধৃত অঞ্জন সুপ্ৰিয়ম দাসে। সুৰজ ডেকাই minningtradeexchange.com নামৰ নিজাকৈ ৱেবচাইট খুলি ৰাজ্যজুৰি প্ৰবঞ্ছনাৰ জাল পেলাইছিল। মোবাইলত ভিপিন কাৰীকৰী কৌশল ব্যৱহাৰ কৰি চলাইছিল এই কু কাৰ্য ।অঞ্জন সুপ্ৰিয়ম দাসে বালিপৰা চাৰিদুৱাৰ অঞ্চলৰ বিভিন্ন ব্যক্তিৰ পৰা প্ৰায় ৫০ লক্ষ টকা আত্মসাত কৰাৰ অভিযোগ। ইতিমধ্যে অঞ্জনৰ মোবাইল, লেপটপ জব্দ কৰাৰ লগতে অঞ্জনৰ মোবাইলৰ পৰা এই সংক্ৰান্তীয় বহু তথ্য আৰক্ষীয়ে লাভ কৰাৰ সম্ভাৱনা আছে।
প্ৰেৰক পুলক কুমাৰ ডেকা
You might also like