নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নি ৰে’লৱে প্লেটফৰ্মত অ’এছঅ’পিৰ বিপণী মুকলি

বিশেষ বাৰ্তা, ৩১ জুলাইঃ দেশৰ ৰে’লৱে খণ্ডৰ ‘বিকশিত ভাৰত আঁ‌চনি’ৰ অধীনত মৰিয়নি ৰে’লৱে ষ্টেচনৰ ১নং প্লেটফৰ্মত আজি এখন বিপণী মুকলি কৰা হয়। বিকশিত ভাৰত আঁচনিৰ অধীনত অ’ এছ অ’ পি অৰ্থাৎ ওৱান নেশ্যন ওৱান প্ৰডাক্ট (এক স্থান এক উৎপাদিত সামগ্ৰী)ৰ দ্বিতীয়খন বিপণী মুকলি কৰা হয়। বিগত বছৰত একেই আঁ‌চনিৰ অধীনত প্ৰথমখন বিপণী মুকলি কৰা হৈছিল। মৰিয়নিৰ ৰে’লৱে বিভাগৰ মুখ্য বাণিজ্যিক পৰিদৰ্শক নিশান্ত কুমাৰে এই বিপণীখন মুকলি কৰে। এই উপলক্ষ্যে অনুষ্ঠিত চমু উদ্বোধনী অনুষ্ঠানত মৰিয়নিৰ ৰে’লৱে বিভাগৰ বাণিজ্য অধীক্ষক বিশ্বজিত চক্ৰৱৰ্তী, মুখ্য পাৰ্চেল অধীক্ষক ত্ৰিদীপ ৰঞ্জন গগৈ প্ৰমুখ্যে কেবাখনো বিষয়াই অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে মৰিয়নিৰ যুৱক সলিল ঘোষে দায়িত্ব লোৱা এই বিপণীখনত অসমীয়া থলুৱা খাদ্য, পিঠা-পনা, আচাৰ, চাহপাত আদি উপলব্ধ হ’ব বুলি ৰে’ল ষ্টেচনৰ এক সূত্ৰই জানিবলৈ দিছে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like