নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সদৌ অসম অন্যান্য পিছপৰা শ্ৰেণী সন্মিলনৰ অধিৱেশন-প্ৰতিষ্ঠা দিৱস সম্পন্ন

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ সদৌ অসম অন্যান্য পিছপৰা শ্ৰেণী সন্মিলনৰ ঊনবিংশতিতম প্ৰথম ত্ৰি-বাৰ্ষিক অধিৱেশন আৰু ৬২সংখ্যক প্ৰতিষ্ঠা দিৱস তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ উন্নয়ন খণ্ড কাৰ্যালয় চৌহদ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।

ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে জাৰি কৰা সকলো স্বাস্থ্যবিধি মানি আয়োজন কৰা অধিৱেশনখনৰ তিনিদিনীয়া কাৰ্যসূচীত পৰিৱেশিত বিভিন্ন জাতি-জনগোষ্ঠীৰ গীত-মাত, থলুৱা খাদ্য-সম্ভাৰে উপস্থিত ৰাইজক আপ্লুত কৰে।

আদৰণী সমিতিৰ সভাপতি হেমেন শইকীয়াই জানিবলৈ দিয়া মতে, অধিৱেশনৰ প্ৰথম দিনটোত প্ৰতিনিধিৰ নাম পঞ্জীয়ন, শিবিৰৰ দ্বাৰ মুকলিৰ পিছতে সন্ধিয়া প্ৰতিনিধিবৰ্গৰে ৰাজ্যিক সমিতিৰ বিষয়ববীয়াৰ এক অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়।

দ্বিতীয় দিনা পুৱা আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি অতুল গোঁহায়ে গছপুলি ৰোপণ, তিতাবৰ জিলা অন্যান্য পিছপৰা শ্ৰেণী সন্মিলনৰ সভাপতি সুৰেন তাঁতীয়ে প্ৰদৰ্শনী দ্বাৰ উন্মোচন আৰু আদৰণী সমিতিৰ সভাপতি হেমেন শইকীয়াই পতাকা উত্তোলন কৰাৰ পিছতে প্ৰয়াত বৰেণ্য ব্যক্তিসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু সৰ্বধৰ্মীয় প্ৰাৰ্থনা অনুষ্ঠিত হয়।

প্ৰাৰ্থনা অনুষ্ঠানটোত মুখ্য তৰ্পক হিচাপে উপস্থিত আছিল সদৌ অসম অন্যান্য পিছপৰা শ্ৰেণী সন্মিলনৰ সভাপতি অমৰ গগৈ। অনুষ্ঠানত টাই আহোম, চুতীয়া, চাহ জনগোষ্ঠী আদিয়ে নিজা নিজা জনগোষ্ঠীয় প্ৰাৰ্থনাৰে প্ৰয়াত বৰেণ্য ব্যক্তিসকলক সেৱা জনায়।

দুপৰীয়া ৰাজ্যিক পৰিষদৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হয়। উক্ত দিনাই ‘ঈক্ষণ’ নামৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰে কনচেপ্ত একাডেমীৰ প্ৰণৱ ভূঞাই। নিশালৈ প্ৰতিনিধি সভা আৰু বিষয়বাচনী সভা অনুষ্ঠিত হয়।

সভাত পুনৰ অমৰ গগৈক সভাপতি আৰু বসন্ত কুমাৰক সম্পাদক হিচাপে লৈ কেন্দ্ৰীয় কমিটিখন গঠন কৰে। তিতাবৰ মহকুমাৰ বৰহোলাৰ হেমেন শইকীয়াক মাণ্ডলিক সম্পাদক হিচাপে নিৰ্বাচিত কৰে। শেষৰ দিনা অমৰ গগৈৰ পৌৰোহিত্যত অনুষ্ঠিত এখন মুকলি সভাত অন্যান্য পিছপৰা শ্ৰেণী ফেডাৰেচনৰ সচিব ৰেবকান্ত সন্দিকৈয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে।

You might also like