নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰূপ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সতীৰ্থ সন্মিলনৰ আয়োজন

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান কামৰূপ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ এখন সতীৰ্থ সন্মিলনৰ আয়োজন কৰা হৈছে । ফেব্ৰুৱাৰী মাহৰ ২৮ তাৰিখ দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা এই সন্মিলনত ৰাজনীতি বিজ্ঞান বিভাগৰ সকলো প্ৰাক্তন সতীৰ্থৰ উপস্থিতি কামনা কৰিছে আহ্বায়ক মণ্ডলীয়ে ৷

এই সতীৰ্থ সন্মিলনখনতে বিভাগটোৰ কেইবাগৰাকীও প্ৰাক্তন শিক্ষাগুৰুক বিশেষ সম্বৰ্দ্ধনা জনোৱা হ’ব বুলিও জানিবলৈ দিয়ে ৷ সন্মিলন উপস্থিত থকাৰ বাবে আগ্ৰহীসকলক আহ্বায়ক ভাস্কৰজ্যোতি ডেকা আৰু দীপাংকৰ বৰ্মনে 8822854069 আৰু 9127243627 নম্বৰত আগতীয়াকৈ যোগাযোগ কৰাৰ বাবে আহ্বান জনাইছে৷

আজি এক প্ৰেছ বিজ্ঞপ্তিযোগ এই কথা সদৰী কৰি আহ্বায়কদ্বয়ে মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰতিগৰাকী সতীৰ্থৰ সৰ্বোতোপ্ৰকাৰৰ সহযোগিতা কামনা কৰিছে ৷

You might also like