নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও জিলাত অভাৱনীয় ভাৱে হ্ৰাস পাইছে কৃষিভূমি; চিমেণ্ট কাৰখানা, ইটাভাটাৰ দখলত শ শ বিঘা কৃষিভূমি

  •  কৃষি এৰি পথাৰত পুখুৰী খন্দাই মাছৰ খেতি কৰিছে শ শ কৃষকে
নিয়মীয়া বাৰ্তা, ২০জানুৱাৰী:  কৃষিপ্ৰধান জিলা নগাঁৱত অতি উদ্বেগজনক ভাৱে হ্ৰাস পাইছে কৃষিভূমি আৰু কৃষকৰ সংখ্যা ।স্মৰ্তব্য যে,বিগত ১৯৯১-১৯৯২বৰ্ষ পৰ্যন্ত নগাঁও জিলাত কৃষকৰ সংখ্যা আছিল ৪,০৩,৬৭৮জন।কৃষি ভূমিৰ পৰিমাণ আছিল ৩,৭১,৩৪৪হেক্টৰ। কিন্তু বৰ্তমান নগাঁও জিলাত মুঠ কৃষি ভূমিৰ পৰিমাণ  ১,৫১,৭৪৪ হেক্টৰহে। ইপিনে জিলা খনত বৰ্তমান কৃষকৰ সংখ্যা ২,৬৯,৫৪৯ জন।ইয়াৰে ৬৭,৩৮৭ গৰাকী ক্ষুদ্ৰ খেতিয়ক,১,২৯,৩৮৩ গৰাকী উপান্ত খেতিয়ক,২১,৫৬৪ গৰাকী  বৃহৎ খেতিয়ক আৰু ৫১,২১৫ গৰাকী ভূমিহীন খেতিয়ক।আনহাতে,হোজাইত বৰ্তমান মুঠ কৃষি ভূমিৰ পৰিমাণ ৯৮,৭২৩হেক্টৰ আৰু মুঠ কৃষকৰ পৰিমাণ ১,২৬,৩৯৬গৰাকী। জিলা খনত মাত্ৰ দুটা দশকৰ ভিতৰতে অভিলেখ সংখ্যক কৃষক হ্ৰাস পায়।জিলা খনত বৰ্তমান বছৰি শালি ধান উৎপাদন হয় ৩,৫৪,৩৮৮মেট্ৰিকটন আৰু বৰো ধান উৎপাদন হয় ২,৭৩,৫৩৩মেট্ৰিকটন।অথচ বিগত ১৯৯১চন পৰ্যন্ত জিলা খনত ৪.০৬৪৪ লাখ মেট্ৰিকটন চাইল উৎপন্ন হৈছিল। জিলা খনত কৃষিভূমি আৰু কৃষকৰ পৰিমাণ অভাৱনীয় ভাৱে হ্ৰাস পোৱাৰ অন্যতম প্ৰধান কাৰণ হৈছে ব্যাপক জনবিষ্ফোৰণ।ব্যাপক জন বিস্ফোৰণৰ ফলত আৱাসিক এলেকা সম্প্ৰসাৰিত হৈছে।যাৰ ফলত কৃষি ভূমি সমূহতেই গঢ়ি উঠিছে আৱাসিক এলেকা।বিগত ১৯৯১চনত জিলা খনৰ মুঠ জনসংখ্যা ২০,৭৩,৬৩৬গৰাকী আছিল যদিও বৰ্তমান ই প্ৰায় ৩৫লাখ হৈছেগৈ। আনহাতে ১৯৯১চনত জিলা খনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গকিলোমিটাৰত ৪৫৮গৰাকী আছিল যদিও বৰ্তমান ৮৫০হৈছেগৈ।
তাৰোপৰি, অবিভক্ত নগাঁও জিলাত কৃষি ভূমিৰ শ শ হেক্টৰ ভূমিত গঢ়ি উঠিছে চিমেণ্ট কাৰখানা, শতাধিক ইটা ভাটা,হোটেল,ধাৱা,ৰেষ্টুৰেন্ট,পেট্ৰল পাম্প আৰু অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠান। ইয়াৰোপৰি,জিলা খনৰ কৃষি ভূমিত একাংশ কৃষকে অত্যাধিক মাত্ৰাত ৰাসায়নিক সাৰ প্ৰয়োগ কৰা হেতুকে পূৰ্বৰ তুলনাত কৃষি ভূমিৰ উৰ্বৰতা ভালেখিনি কমি গৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত অবিভক্ত নগাঁও জিলাৰ নীলবাগান,ডৱকা, হোজাই, জুৰীয়া, ৰূপহী, ধিং, বটদ্ৰৱা, বেছামাৰী, ভোমোৰাগুৰি, ধণীয়াভেটি, টুকটুকী, দলংঘাট, লালি পথাৰ প্ৰমুখ্যে বিভিন্ন অঞ্চলৰ হেজাৰ হেজাৰ কৃষকে নিজৰ কৃষি ভূমিত প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী খন্দাই মাছৰ খেতিহে কৰা পৰিলক্ষিত হৈছে।ইয়াৰ ফলতো অবিভক্ত নগাঁও জিলাৰ কৃষি ভূমি হ্ৰাস পাইছে। ইপিনে,চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথ,চাৰিলেনযুক্ত বাইপাছ নিৰ্মাণ, বিভিন্ন মথাউৰিৰ সুৰক্ষাৰ বাবে ৰিং বান্ধ, সুৰক্ষা মথাউৰি আদি নিৰ্মাণৰ ফলতো সংকোচিত হৈছে কৃষি ভূমি। তাৰোপৰি ব্ৰহ্মপুত্ৰৰ প্ৰতিৰোধ বিহীন গৰাখহনীয়াৰ কৱলত পৰিও জিলা খনৰ চামগুৰি,কলিয়াবৰ,ধিং,লাহৰিঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত হেজাৰ হেজাৰ হেক্টৰ কৃষি ভূমি লুইতত জাহ যোৱাৰ ফলতো অবিভক্ত নগাঁও জিলাত সংকোচিত হৈছে কৃষি ভূমি।কৃষি প্ৰধান জিলা খনৰ অধিকাংশ কৃষক পৰিয়ালৰ লোকেই কৃষি কাৰ্য এৰি অন্য জীৱিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। জিলাখনৰ কেৱল যে ধানৰ উৎপাদনেই হ্ৰাস পাইছে তেনে নহয়।সামন্তালকৈ মৰাপাট, কুঁহিয়াৰ আদিৰ উৎপাদনো অভাৱনীয় ভাৱে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।
You might also like