নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ্বি আংলঙত খাদ্যত বিষক্ৰিয়া; বৰা চাউলৰ পিঠা খাই একে পৰিয়ালৰ তিনিজনৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২০জানুৱাৰী: তিয়াই থোৱা বৰা চাউল খুন্দি তিনি সপ্তাহ পাছত পিঠা বনাই খোৱাত একে পৰিয়ালৰ তিনিজনৰ মৃত্যু হয় কাৰ্বি আংলঙত | ঘটনাটো সংঘটিত হৈছে ডকমকা আৰক্ষী থানা এলেকাৰ চাক্ৰা বে’ গাঁৱত | কাংবুৰা বে’ নামৰ লোকজনৰ আশী বছৰীয়া মাতৃ বান্দ্ৰে কিলিংপী, বাৰ বছৰীয়া মুক বধিৰ কণ্যা সন্তান ৰশ্মিতা বে’পী আৰু আঠ বছৰীয়া পুত্ৰ সন্তান ছাৰজিনং বে’ই সোমবাৰে বিয়লি তিনি বজাত গ্ৰহণ কৰিছিল বৰা চাউলৰ পিঠা | কিছুসময়ৰ পাছত তিনিওৰে শৌচ – বমি আৰম্ভ হয় | পূৰ্বৰে পৰা অসুস্থ বৃদ্ধা মাতৃৰ অৱস্থা আৰু সোচনীয় হৈ পৰে | পৰৱৰ্তী সময়ত মাতৃৰ মৃত্যু হয় | ইপিনে, পিছদিনা পুৱা পুত্ৰ – কণ্যাক লৈ যোৱা হয় ডকমকা চিকিতসালয়লৈ | মঙলবাৰে চিকিতসালয়তে মৃত্যু হয় পুত ছাৰজিনঙৰ | ১২ বছৰীয়া মুক বধিৰ কণ্যা ৰশ্মিতাক উন্নত চিকিতসাৰ বাবে ডিফু মেডিকেল কলেজ হস্পিতাললৈ নিয়াৰ পৰামৰ্শ দিয়া হয় যদিও ধনৰ অভাৱত ঘৰলৈহে লৈ আনে পৰিয়ালৰ লোকে | পুনৰ ধেন্টাঘাট চিকিতসালয়লৈ নিয়া হয় যদিও চিকিতসাধীন অৱস্থাতে নিশা প্ৰায় দুই বজাত মৃত্যু হয় ৰশ্মিতাৰ | জানিব পৰা মতে, ৰশ্মিতা মুক বধিৰ আছিল | পুত্ৰ ছাৰজিনং স্থানীয় ৰাইজিং ছান ইংলিছ স্কুলৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ আছিল | ইপিনে, কাংবুৰা বে’ৰ কনিষ্ঠ পুত্ৰ পাঁচ বছৰীয়া মালঙেও সেই সময়ত বৰা চাউলৰ পিঠা অকণমান খাই তিতা সোৱাদ পোৱাত খাবলৈ এৰি দি সৌভাগ্যক্ৰমে ৰক্ষা পৰে | ইতিমধ্যে তিনিওৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষা নকৰি গাঁৱৰে শ্মশানত অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰে পৰিয়াল আৰু গাঁওবাসীয়ে | তিনিওৰে অকাল বিয়োগত সমগ্ৰ গাঁওখনতে শোকৰ ছাঁ পৰিছে | ইপিনে, কাৰ্বি আংলং জিলা স্বাস্থ্য বিভাগৰ এটি দল আজি বিয়লি ডকমকাৰ অভিষপ্ত চাক্ৰা বে’ গাঁৱত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে পৰিয়াল আৰু গাঁওবাসীক অধিক সচেতনতা অৱলম্বন কৰিবলৈ পৰামৰ্শ আগবঢ়ায় | একে সময়তে ডকমকা আৰক্ষী থানাৰ পৰা যোৱা আৰক্ষীৰ এটি দলে চাক্ৰা বে’ গাঁৱত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে চৰজমিন তদন্ত আৰম্ভ কৰে | তাৰ সমান্তৰালভাৱে মজুত থকা কিছু পৰিমাণৰ বৰা চাউল আৰু কেৰাহি – চামুচ আদি ডকমকা আৰক্ষী থানালৈ লৈ যায় | মন কৰিব লগা কথা যে, স্থানীয় চৰকাৰী গাঁওবুঢ়া ৰতন টকবীয়ে ঘটনা অৱগত হৈ মৃতকৰ ঘৰলৈ খবৰ কৰবলৈ আহে যদিও ডকমকা আৰক্ষীক অৱগত কৰা নাছিল | গাঁওৰক্ষী বাহিনীয়েও বিষয়টো আৰক্ষী থানাত অৱগত নকৰাত আৰক্ষী অজ্ঞ হৈয়ে ৰয় | ফলত তিনিওৰে মৰণোত্তৰ পৰীক্ষা অবিহনেই গাঁওখনৰ সমূহীয়া শ্মশানত অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন হৈ যায় | ১৬ জানুৱাৰীৰ বিয়লি বৰা চাউলৰ পিঠা খাই অসুস্থ হৈ পৰা মাতৃ বান্দ্ৰেই নিজ পুত্ৰ কাংবুৰাক বৰা চাউলৰ পিঠা খোৱাত এনে অৱস্থা হোৱা বুলি প্ৰকাশ কৰিছিল বুলি কাংবুৰা বে’ই ‘ নিয়মীয়া বাৰ্তা’ক জানিবলৈ দিয়ে |
You might also like