পহুমাৰা মহোৎসৱত কবি সন্মিলন সম্পন্ন
কবিতাত আনুষ্ঠানিকতা নাথাকে, কবিতা হৃদয়ত থাকিব লাগে : অনুভৱ তুলসী
নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ ভৱানীপুৰত চলি থকা পহুমাৰা মহোৎসৱত কালি ‘আবেলিৰ হেঙুলীয়া আভা’ শীৰ্ষক মনজ্ঞ কবি সন্মিলন এখন সম্পন্ন হয়। কবি সন্মিলনখন উদ্বোধন কৰে কবি কমল কুমাৰ মেধিয়ে। কবি কমল কুমাৰ মেধিয়ে উদ্বোধন কৰি তেওঁৰ ভাষণত কয়- “সম্প্ৰতি অসমীয়া কবিৰ নতুন নতুন চিন্তাৰে অসমীয়া কবিতাৰ সৃষ্টি হৈছে। তেনেদৰে অসমীয়া কবিতাৰ চৰ্চা উৎসাহজনকভাৱে বাঢ়িছে। কবিতা জীৱনৰ, প্ৰাণৰ, সমাজৰ ৰখীয়া। কবিতা প্ৰাণত, হৃদয়ত, সমাজত সদায় সজীৱ হৈ থাকিব”। উদ্বোধক কমল কুমাৰ মেধিয়ে স্বৰচিত কবিতাও পাঠ কৰে। বিশিষ্ট কবি অনুভৱ তুলসীয়ে সঞ্চালনা কৰা, কবি সঞ্জীৱ সাগৰ দাস আৰু ধীমান বৰ্মনে আঁত ধৰা কবি সন্মিলনত মন্দিৰা গগৈ, গিৰেণ গোপ, দিপালীমা দত্ত, হৃদয় কুমাৰ পাটগিৰি, খঞ্জনা শৰ্মা, ৰুবুল দাসে নিমন্ত্ৰিত কবিৰূপে স্বৰচিত কবিতা পাঠ কৰাৰ লগতে পীযূষ পাঠক, বিনীতা গোস্বামী, বিভা দেৱী, প্ৰগতি মেধি, ছবিৰঞ্জন মেধিকে ধৰি দুকুৰিৰো অধিক ন-পুৰণি কবিয়ে স্বৰচিত কবিতা পাঠ কৰে। কাব্যিক ভাষাৰে সঞ্চালনা কৰি দিয়া ভাষণত অনুভৱ তুলসীয়ে কয়- “কবিতাত আনুষ্ঠানিকতা নাথাকে, কবিতা হৃদয়ত থাকিব লাগে। কবিতা আৱিষ্কাৰ কৰিব লাগে”।
ভূষণ তালুকদাৰ ।