নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় অল ৰাউণ্ডাৰ অক্ষৰ পেটেলৰ বিয়া, অনুৰাগীয়ে জনালে শুভেচ্ছা…

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰী: বিয়াৰ দিন পৰিছে ভাৰতীয় ক্ৰিকেটাৰসকলৰ । দুদিন পূৰ্বে কে এল ৰাহুলৰ বিয়াৰ সফল সমাপ্তিৰ পাছত এইবাৰ জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিলে ভাৰতীয় অল ৰাউণ্ডাৰ অক্ষৰ পেটেল।  অক্ষৰ পেটেলে বৃহস্পতিবাৰে মেহা পেটেলৰ সৈতে বিবাহপাশত আবদ্ধ হয়। এতিয়া এই বিবাহ অনুষ্ঠানৰ কিছু ছবি ছচিয়েল মিডিয়াত প্ৰকাশ পাইছে।

নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া আৰু টি-২০ শৃংখলাৰ পৰা বিৰতি লৈ অৱশেষত অক্ষৰ পেটেলে বিবাহপাশত আবদ্ধ হয়। যোৱা বছৰতে অক্ষৰ পেটেল আৰু মেহাৰ এংগেজমেণ্ট হৈছিল।

উল্লেখ্য যে মেহা পেটেল এগৰাকী খাদ্য বিশেষজ্ঞ আৰু পুষ্টিবিদ(Nutrician)। ছ’চিয়েল মিডিয়াত তাই অতি সক্ৰিয় হৈয়ে আছে। তেওঁ প্ৰায়ে ডায়েট প্লেন শ্বেয়াৰ কৰে।

You might also like