আজমলক গহপুৰত আনি সভা পাতিবলৈ ৰিপুন বৰাক আহ্বান সাংসদ পল্লৱ লোচনৰ
ৰিপুন বৰাৰ এই বাৰ নিৰ্বাচনত অমানতৰ ধন জব্দ হৱ
নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ প্ৰথম পৰ্যায়ৰ ২৭ মাৰ্চৰ নিৰ্বাচনলৈ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰি তুলিছে। আৰম্ভ হৈছে নেতাৰ মুখচুপতি। গহপুৰতো তীব্ৰতৰ হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ। গহপুৰৰ নিৰ্বাচনী সভাত অংশ ল’বলৈ আহি প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা গহপুৰৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰিপুন বৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সাংসদ পল্লৱ লোচন দাস।
ৰিপুন বৰাৰ পুত্ৰ-কন্যাৰ নিৰ্বাচনী প্ৰচাৰ চলোৱা সন্দৰ্ভত তেওঁ সংবাদ মাধ্যমৰ আগত কয়- “ৰিপুনৰ পুত্ৰ-কন্যায়ে নিৰ্বাচন প্ৰচাৰ চলোৱাতো ভাল কথা। তেতিয়াহে গম পাব যে পিতৃয়ে গহপুৰৰ বাবে কি উন্নয়ন কৰিলে। গহপুৰৰ ৰাইজে পিতৃক কিয় বেয়া পায়। পিতৃৰ কাৰণে গহপুৰৰ ৰাইজ কিমান কষ্টত আছে।”
ইয়াৰোপৰি সাংসদগৰাকীয়ে লগতে কয় যে কংগ্ৰেছ মানে নেতাৰ পুত্ৰ, কন্যাৰ দল। দলটোত প্ৰকৃত কৰ্মীৰ স্থান নাই । যোগ্যতা নহয় মন্ত্ৰী, বিধায়ক, সাংসদৰ পদ পৰিয়ালৰ বিৰাচতত হিচাবে লাভ কৰি আহিছে কংগ্ৰেছ নেতাৰ সন্তানে।
ইপিনে গহপুৰত বদৰুদ্দিন আজমলক আনি ৰিপুন বৰাই কেইখনমান সভা পাতিবলৈও পৰামৰ্শ দিয়ে সাংসদ পল্লৱ লোচন দাসে।