নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিচেম্বৰৰ ভিতৰতেই ৰাজ্যত হ’ব পঞ্চায়ত নিৰ্বাচন : ঘোষণা মন্ত্ৰী ৰঞ্জিত দাসৰ

বিশেষ বাৰ্তা, ৯ আগষ্ট : “পঞ্চায়তৰ পুনৰ্গঠন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু শেষ হ’ব ৩০ আগষ্টত ৷” -আজি তিনিচুকীয়াত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই মন্তব্য কৰে ৷ তিনিচুকীয়াত এক বিশেষ কাৰ্য্যসূচীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উপস্থিত হোৱাৰ পাছতে সংবাদ মাধ্যমৰ তৰফৰ পৰা আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ সমগ্ৰ প্ৰক্ৰিয়াৰ সন্দৰ্ভত প্ৰশ্ন কৰাত এনেদৰে কোৱাৰ লগতে কয় যে ১ ছেপ্টেম্বৰৰ পৰা ৭ ছেপ্টেম্বৰলৈকে উন্নয়ন খণ্ডসমূহ পুনৰ গঠন কৰা হ’ব৷ এটা পঞ্চায়ত বা উন্নয়ন খণ্ডৰ অঞ্চল দুটা বিধানসভাৰ সমষ্টিত থাকিব নোৱাৰিব৷ সকলো সমষ্টিৰ ভিতৰতেই থাকিব লাগিব৷ ৭ ছেপ্টেম্বৰৰ পাছত যেতিয়া খচৰাৰ সংক্ষিপ্ত ৰূপ প্ৰকাশ পাব আৰু তাত যদি জনতাৰ কিবা ওজৰ-আপত্তি থাকে তেন্তে সেয়া ১৭ ছেপ্টেম্বৰৰ ভিতৰত নিষ্পত্তি কৰিব লাগিব ৷ জনতাৰ ওজৰ-আপত্তিক লৈ যদি কিবা সংশোধন কৰিব লগা হয় জিলা আয়ুক্তই কৰিব৷ ১৭ ছেপ্টেম্বৰৰ পাছত যেতিয়া খচৰাৰ চূড়ান্ত তালিকা প্ৰকাশ পাব জিলা আয়ুক্তই চূড়ান্ত তালিকা ৰাজ্যিক নিৰ্বাচন আয়োগক প্ৰদান কৰিব ৷ সেইমৰ্মে ডিচেম্বৰৰ ভিতৰতেই পঞ্চায়ত নিৰ্বাচন আয়োজন কৰিবলৈ চিন্তাচৰ্চা কৰা হৈছে ৷

প্ৰেৰক বিবেক বড়া

You might also like