বুঢ়ীদিহিং পঞ্চায়তৰ গৃহ নির্মাণত ব্যাপক দুর্নীতি
নিয়মীয়া বাৰ্তা, ১ মেঃ তিনিচুকীয়া জিলাৰ কাকপথাৰ উন্নয়ন খণ্ডৰ অন্তর্গত গাঁও পঞ্চায়তসমূহত বিগত বছৰ বিলাকত চৰকাৰী আঁচনি ৰূপায়ণত চৰম দুর্নীতি সংঘটিত হৈ অহাৰ ফলত উন্নয়ন স্থবিৰ হৈ পৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ একেদৰে জিলাখনৰ অসম–অৰুণাচল প্রদেশ সীমান্তৱর্তী বুঢ়ীদিহিং মৌজাৰ শাসকীয় দলৰ দখলত থকা পঞ্চায়তসমূহৰ নির্বাচিত প্রতিনিধি আৰু দলীয় নেতা–পালিনেতাই বিভিন্ন প্রকাৰৰ দুর্নীতি অব্যাহত ৰখাৰ অভিযোগো সর্বজনবিদিত৷
উল্লেখ্য যে সর্বাধিক দুর্নীতি সংঘটিত কৰা পঞ্চায়তসমূহৰ ভিতৰত বুঢ়ীদিহিং গাঁও পঞ্চায়ত অন্যতম হিচাপে পৰিগণিত হৈছে৷ পঞ্চায়তখনত বিগত ২০১৪–১৫ আৰু ২০১৫–১৬ বর্ষৰ দৰিদ্র হিতাধিকাৰীলৈ অনুমোদিত বহু ইন্দিৰা আৱাস যোজনাৰ গৃহই অদ্যপৰিমিত আধৰুৱা হৈ পৰি থকাৰ পাছত শেহতীয়াকৈ পঞ্চায়তখনত প্রধানমন্ত্রী আৱাস যোজনা গৃহৰ নির্মাণতো চৰম দুর্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷
পঞ্চায়তখনৰ ১০নং ৱার্ডৰ (ৰতনিপথাৰ ব্লক এন চি এলেকা) ২০১৯ –২০২০ বর্ষৰ বাবে আবণ্টিত প্রধানমন্ত্রী আৱাস যোজনা আঁচনিৰ এটা গৃহৰ নির্মাণকার্য আৰম্ভ নকৰাকৈয়ে পঞ্চায়ত সভানেত্রীসহ বিষয়ববীয়াই সহজ–সৰল হিতাধিকাৰীক ফুচুলাই আত্মসাৎ কৰিছে মোটা অংকৰ ধন৷
অভিযোগ অনুসৰি বুঢ়ীদিহিং গাঁও পঞ্চায়তৰ ৰতনী পথাৰ এন চি গাঁৱৰ প্রয়াত বানেশ্বৰ কোঁৱৰৰ পুত্র নন কোঁৱৰৰ নামত ২০১৯–২০ বর্ষৰ বাবে আই ডি নম্বৰ এ এছ ১৯২১৬২২ত আবণ্টিত প্রধানমন্ত্রী আৱাস যোজনাৰ গৃহটোৰ নির্মাণৰ কাম আৰম্ভ নকৰাকৈ দ্বিতীয় কিস্তিৰ ধন মোকলাই অনাৰ অভিযোগ উঠিছে৷ আঁচনিৰ নীতি অনুসৰি প্রধানমন্ত্রী আৱাস যোজনা গৃহৰ প্রথম কিস্তিৰ ধনৰ কাম সম্পাদন হোৱাৰ পাছত (কোনো খুঁটি–নাতি নোহোৱাকৈ ৰূপায়ণ সম্পন্নৰ প্রামাণিক তথ্য হিচাপে নির্মাণথলীৰ জি’ টেক ফটো সংগ্রহ পদ্ধতিৰে দ্বিতীয় কিস্তিৰ ধন মুকলি কৰা হয়৷ কিন্তু উক্ত আৱাস যোজনাৰ গৃহটো (হিতাধিকাৰী নন কোঁৱৰৰ পত্নী ৰশ্মি কোঁৱৰৰ নামত আবণ্টিত) নির্মাণৰ কোনো চিন–মোকাম নোহোৱাকৈয়ে প্রথম কিস্তিয়েই নহয় দ্বিতীয় কিস্তিৰ ধনো (মুঠ ৮১,২৫০ টকা) কিদৰে মুকলি হ’ল সেয়া নক’লেও অনুমেয়৷
জানিব পৰা মতে, জি’ টেকৰ ভুৱা ফটো ব্যৱহাৰ কৰি হিতাধিকাৰীলৈ দ্বিতীয় কিস্তিৰ ধন মুকলি কৰি দিছে বিভাগীয় কর্তৃপক্ষই৷ অভিযোগ মতে দুটা কিস্তিৰ ধন মুকলি কৰি অনা উক্ত আৱাস গৃহটোৰ হিতাধীকাৰীগৰাকীৰ পকীগৃহ থকাৰ হেতু গৃহ নির্মাণৰ বাবে ধন মুকলি কৰি দিয়া নহ’ব বুলি ভয়–ভাবুকিও প্রদান কৰিছিল পঞ্চায়তৰ বিষয়ববীয়াই৷ অন্যান্য চৰকাৰী আঁচনি ৰূপায়ণৰ ক্ষেত্রতো চৰম স্বজন–তোষণৰ আশ্রয় লোৱাৰ বাবেই উন্নয়নৰ পৰা বঞ্চিত বুঢ়ীদিহিং পঞ্চায়তখনত কেন্দ্রীয় চৰকাৰৰ আঁচনিতো দুর্নীতি অব্যাহত ৰখা কার্যই উন্নয়নৰ ফোঁপোলা ছবিখন উদঙাই দিছে৷ দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলৰ জয়গান গোৱা শাসকীয় বিজেপি চৰকাৰখনৰ নিজৰ দখলত থকা পঞ্চায়তসমূহত চলি থকা দুর্নীতি সন্দর্ভত ঊর্ধ্বতন কর্তৃপক্ষৰ নীৰৱ ভূমিকাও লক্ষণীয়৷