নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৰণিগুদামৰ মোমায়েকৰ ঘৰলৈ ৫ দিন পূর্বে আহিছিল পৰীমিতা

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰ: পৰীমিতা দাসৰ বিয়োগত তেওঁৰ গৃহ জিলা নগাঁৱতো শোকৰ ছাঁ পৰিছে৷ বিশেষকৈ যুৱতীগৰাকীৰ পিতৃৰ গৃহভূমি দক্ষিণপাট আৰু তেওঁৰ মোমায়েকৰ বাসগৃহ পুৰণিগুদামৰ পাৰঘাটত শোকৰ ছাঁ পৰিছে৷

পুৰণিগুদামৰ মোমায়েকৰ ঘৰলৈ সঘনাই আহিছিল পৰীমিতা৷ মাত্র ৫ দিন পূর্বে গুৱাহাটীৰ পৰা মাজুলীলৈ যোৱাৰ পথত পুৰণিগুদামৰ মোমায়েকৰ ঘৰত সোমাই গৈছিল পৰীমিতা৷ কেৱল মেধাসম্পন্নই নহয়, সাংস্কৃতিকভাৱেও প্রতিভাশালী আছিল প্রয়াত যুৱতীগৰাকী৷ ২০১৭ বর্ষত পুৰণিগুদাম পাৰঘাটত অনুষ্ঠিত বেউলা–লখিন্দৰ নাটকত ৰাধিকাৰ চৰিত্রত অভিনয়েৰে সকলোৰে মন মুহিছিল পৰীমিতাই৷ এইবাৰ ৰাসত কৃষ্ণৰ ভাওত অভিনয় কৰাৰ আগ্রহ প্রকাশ কৰিছিল পৰীমিতাই৷ যুৱতীগৰাকীৰ বিয়োগত সমগ্র অঞ্চলটো শোকস্তব্ধ হৈ পৰিছে৷

You might also like