নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীলৈ যাত্রা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰঃ নাও দুর্ঘটনাক লৈ মর্মাহত

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰ: নিমাতীঘাটৰ নাও দুর্ঘটনাক লৈ মর্মাহত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল৷ বুধবাৰে সংঘটিত এই ঘটনাৰ পাছতেই বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হৈ তেওঁ মাজুলীলৈ যাত্রা কৰে৷

দিল্লীৰ পৰা গুৱাহাটীত উপস্থিত হোৱা প্রাক্তন মুখ্যমন্ত্রীগৰাকীয়ে এই ঘটনাক লৈ গভীৰ দুখ প্রকাশ কৰি কয়– এই ঘটনা অত্যন্ত বেদনাদায়ক৷ মই মর্মাহত৷ ঘটনাটো শুনাৰ লগে লগে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে কথা পাতিছোঁ৷ মুখ্যমন্ত্রীয়ে মোক উদ্ধাৰৰ বাবে সকলো সম্ভৱপৰ পদক্ষেপৰ নির্দেশ দিয়াৰ কথা কৈছে৷ ময়ো মোৰ বিভাগৰ তৰফৰ পৰা বিষয়াসকলক উদ্ধাৰকার্যত নিয়োজিত হ’বলৈ নির্দেশ দিছোঁ৷ দুর্ঘটনাৰ পাছতে মাজুলী আৰু যোৰহাটৰ জিলা উপায়ুক্তৰ সৈতে কথা পাতিছোঁ৷ এছ ডি আৰ এফ আৰু এন ডি আৰ এফে এতিয়াও উদ্ধাৰকার্য চলাই আছে৷ এই দুর্ঘটনাত পৰীমিতা দাস নামৰ অধ্যাপিকাগৰাকীৰ মৃত্যু অত্যন্ত দুর্ভাগ্যজনক৷ পৰীমিতাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ, প্রার্থনা জনাইছোঁ সকলোৱে নিৰাপদে থাকক৷ ভৱিষ্যতৰ দিনবোৰত আমি সকলোৱে এই ঘটনাৰ পৰা সজাগ আৰু সচেতন হ’ব লাগিব৷

You might also like