১৭ নং বোকাজান বিধানসভা সমষ্টিত শান্তিপূৰ্ণভাৱে সম্পন্ন ভোটগ্ৰহণ প্ৰক্ৰিয়া
নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অসমৰ তিনিওখন পাহাৰীয়া জিলাত শুকুৰবাৰে প্ৰায় সুকলমে অনুষ্ঠিত হৈ যায়। উল্লেখ্য যে যোৱা দুদিন ধৰি অব্যাহত থকা প্ৰতিকূল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভোটগ্ৰহণ প্ৰক্ৰিয়াত ব্যাঘাত জন্মাৰ আশংকা কৰা হৈছিল যদিও কালি পুৱাৰে পৰা বতৰ ফৰকাল হোৱাৰ লগতে পুৱাৰ ভাগৰ পৰাই জিলাকেইখনৰ ভোটকেন্দ্ৰ সমূহত ব্যাপক হাৰত ভোটাৰে ভিৰ কৰিবলৈ লোৱা পৰিলক্ষিত হয়।
অৱশ্যে ই ভি এম বিসংগতিৰ বাবে ঠায়ে-ঠায়ে ভোটগ্ৰহণ প্ৰক্ৰিয়াত কিছু বিলম্ব হোৱাৰ বাতৰি পোৱা গৈছে। বিশেষকৈ বোকাজানৰ ১৯৯ নং ভোটগ্ৰহণ কেন্দ্ৰ থকা গৌতমবস্তিৰ জনতা ইংৰাজী প্ৰাথমিক বিদ্যালয়ত ই ভি এম মেছিনৰ বিসংগতি হোৱাৰ ফলত দুঘন্টা পলমকৈ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয়। ইয়াৰ উপৰি ১৫৩ নং ভোটগ্ৰহণ কেন্দ্ৰ থকা আপাৰ হিডিপি প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ৪৭ শতাংশ ভোটদান সম্পন্ন হোৱাৰ পাছতেই ই ভি এম মেছিন বিকল হৈ পৰাত ভোটগ্ৰহণ প্ৰক্ৰিয়া ব্যাহত হয়।
অৱশ্যে বোকাজান মহকুমাৰ মহকুমাধিপতি বিবেক শ্যামৰ তাৎক্ষণিক তৎপৰতাত বিকল্প ই ভি এম মেছিনৰ জৰিয়তে পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয়। আনহাতে ১৯৪ নং লাহৰিজান ইংৰাজী এম ই স্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰটো পুৱাৰ ভাগত সামান্য এক হুলস্থলীয়া পৰিবেশৰ সৃষ্টি হয় যদিও পাছত বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাস উপস্থিত হৈ আলোচনাৰ মাজেৰে পৰিবেশ শান্ত কৰে। কিয়নো উক্ত ভোটগ্ৰহণ কেন্দ্ৰত বিজেপিৰ পুলিং এজেন্ট জনৰ বাহিৰে আন কোনো ৰাজনৈতিক দলৰ কোনো পুলিং এজেন্টক ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নাছিল প্ৰিজাইডিং বিষয়াগৰাকীয়ে।
শুকুৰবাৰে বোকাজানৰ লগতে ডিফু, হাওৰাঘাট, বৈঠালাংছু আৰু হাফলঙটো দুই এটা ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম ৰ বিসংগতিৰ বাবে ভোটগ্ৰহণ প্ৰক্ৰিয়াত বিলম্ব হোৱাৰ খবৰ পোৱা গৈছে। ইয়াৰ মাজতে আজি পাহাৰীয়া জিলাখনত উপস্থিত হৈ আইন শৃংখলা পৰিস্থিতিৰ বুজ লয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই। পুৱাৰ ভাগত অসম আৰক্ষীৰ শীৰ্ষতম বিষয়া গৰাকীয়ে ডেনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত থকা ৪ টা ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰি কেন্দ্ৰটোত থকা কৰ্তব্যৰত আশা কৰ্মী, গৃহৰক্ষী বাহিনীৰ জোৱান আৰু আৰক্ষীৰ লোকসকলৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পাছতে আৰক্ষী বিষয়া গৰাকীয়ে জিলাখনৰ দূৰ্গম এলেকাত থকা ভোটগ্ৰহণ কেন্দ্ৰ সমূহৰো পৰিস্থিতিৰ বুজ লয়।
সাংবাদিকৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত আৰক্ষী বিষয়াগৰাকীয়ে জিলাখনৰ সকলো প্ৰান্ততে ভোটগ্ৰহণ সুকলমে অনুষ্ঠিত হোৱাৰ বাবে আৰক্ষীয়ে সকলো ব্যৱস্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰি ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পাছত সকলোৱে যাতে পুনৰ সুকলমে উভতি আহিব পাৰে তাৰ বাবেও প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মত ব্যক্ত কৰে।
বোকাজান বিধানসভা সমষ্টিৰ ২২৮ টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভোটদানৰ হাৰ আছিল ৭৬.২৫ শতাংশ।
লক্ষণীয় কথাতো হ’ল এইবাৰ বোকাজান বিধানসভা সমষ্টিৰ অতি ভিতৰুৱা অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰ সমূহত ভোটদানৰ হাৰ অত্যধিক। কিন্তু ইয়াৰ বিপৰীতে চহৰাঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰত তাৰ তুলনাত ভোটদানৰ হাৰ আছিল যথেষ্ট পৰিমাণে কম।