নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘মহাঝুঠ’ আৰু ‘মহাবিকাশ’ৰ মাজত হৈছে এইবাৰৰ নিৰ্বাচনঃ কোকৰাঝাৰত প্ৰধানমন্ত্ৰী মোদী

নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ কোকৰাঝাৰৰ গ্ৰীন ফিল্ডত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰত আজি ভাগ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিজেপি মিত্ৰজোঁটৰ ৩গৰাকী ইউ পি পি এল প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায় প্ৰধানমন্ত্ৰীগৰাকীয়ে।

ভাষণ প্ৰসংগত অসমবাসীৰ চেনেহ, বিশ্বাসে তেওঁক অনুপ্ৰাণিত কৰা বুলি প্ৰকাশ কৰি কয় যে প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ৰাইজে বিজেপিক যিদৰে সমৰ্থন দিলে, তৃতীয় তথা শেষ পৰ্যায়তো এই সমৰ্থন বিজেপিয়ে পাব বুলি আশাবাদী তেওঁ।

আনহাতে কংগ্ৰেছক সমালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে এই নিৰ্বাচন মহাজোঁটৰ ‘মহাঝুঠ’ আৰু ডাবল ইঞ্জিনৰ ‘মহাবিকাশ’ৰ মাজত অনুষ্ঠিত হোৱা বুলি প্ৰকাশ কৰে। মোদীয়ে বড়োভূমিত উন্নয়ন পৰিষদ গঠনৰ কাম চলি থকাৰ কথা প্ৰকাশ কৰি কংগ্ৰেছৰ দীঘলীয়া শাসনত বোমা-বন্দুকেৰে অসমখন অশান্ত হৈ পৰিছিল বুলি উল্লেখ কৰে।

তেওঁ লগতে বিজেপি চৰকাৰে স্থায়ী শান্তিৰ বাবে ঐতিহাসিক বড়ো চুক্তি স্বাক্ষৰ কৰি বিটিএডিত বড়ো ভাষা-সংস্কৃতি,পৰম্পৰা ৰক্ষা কৰাৰ লক্ষ্য লোৱা বুলি কয়।

You might also like