নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূৰাগাঁৱত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধত নামিল নৈপৰীয়া লোক

নিয়মীয়া বাৰ্তা, ১৮ আগষ্ট : চৰকাৰ আৰু জলসম্পদ বিভাগৰ প্ৰতি বাট নাচাই লুইতৰ বিধ্বংসী খহনীয়া প্ৰতিৰোধত নামিল নৈপৰীয়া ৰাইজ। মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বালিডোংগা গাঁৱৰ শতাধিক লোক লুইতৰ খহনীয়া প্ৰতিৰোধৰ বাবে ওলাই আহিল। উল্লেখ্য যে যোৱা কেইদিন ধৰি বালিডোংগাত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়া। লুইতৰ খহনীয়াই ভাবুকি আনিছে বালিডোংগা গাঁৱৰ কেইবাশ পৰিয়াললৈ। লুইতৰ খহনীয়াত ঘৰ ভেটি হেৰুৱাৰ আশংকাত অধিক আতংকিত হৈ পৰিছে। লুইতৰ খহনীয়াই বালিডোংগা গাঁৱলৈ ভাবুকি অনাৰ পিছতো জিলা জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্ৰহন কৰা নাই। জিলা জলসম্পদ বিভাগৰ প্ৰতি বাট নাচাই বালিডোংগা গাঁৱৰ ৰাইজে খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি বাঁহেৰে খহনীয়া প্ৰতিৰোধত নামিল। বাঁহ সংগ্ৰহ কৰি গাঁওখনৰ লোকে শ্ৰমদান কৰি খহনীয়া প্ৰতিৰোধ অব্যাহত ৰাখিছে। লুইতৰ খহনীয়া প্ৰতিৰোধৰ বাবে জিলা জলসম্পদ বিভাগক আগবাঢ়ি আহিবলৈ নৈপৰীয়া ৰাইজে আহ্বান জনাইছে।

প্ৰেৰক আবুল কালাম

You might also like