নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিম নলবাৰীত বুঢ়াদিয়া নৈৰ কাল ৰূপ ধাৰণ

নিয়মীয়া বার্তা, ১৬ জুনঃ কালিৰ পৰা নেৰানেপেৰা মুষলধাৰে হোৱা বৰষুণৰ ফলত বুঢাদিয়া নৈৰ পানী ফেনে-ফোটোকাৰে বাঢ়ি অহাত ভগ্ন মথাউৰিসমূহৰ ওচৰলৈ পানী অহাত ঠায়ে ঠায়ে নৈপৰীয়া ৰাইজৰ মনত ভয় আৰু সংশয় দেখা দিছে৷ ইফালে বুঢ়াদিয়া নৈৰ পানী নিশাৰ পৰা বাঢ়ি আহি আজি পুৱাৰে পৰা চামতা কৈঠালকুছি পথৰ নদলা বজাৰৰ ওপৰত থকা ডাঙৰ কালভাৰ্টটোৰে বুঢ়াদিয়া নৈৰ পানী হোৰাহোৰে সোমাই আহি কুলবিল, পহলংপাৰা, হিৰাপাৰা আদি অঞ্চলৰ পথাৰসমূহ পানীৰে উপচি পৰে৷ বুঢ়াদিয়া নৈৰ পানী অভাৱনীয়ভাৱে বাঢ়ি আহি সাহপুৰৰ পৰা পহলংপাৰা হৈ নলবাৰীলৈ অহা-যোৱা কৰা বুঢ়াদিয়া নৈৰ মথাউৰিটো কেইবাঠাইত বহি যোৱাত যিকোনো মূহূর্ত্ততে মথাউৰিৰ ওপৰেৰে পানী আহি মথাউৰিটো চিঙি যোৱাৰ সম্ভৱনা প্রকট হৈ পৰিছে৷ ওচৰৰ মানুহে কিছু সজাগ হৈ আছে যদিও বাধা দিয়াৰ বাবে একো পৰিকল্পনা কৰিব পৰা নাই৷ বাতৰি যুগুতোৱাৰ সময়লৈকে জলসম্পদ বিভাগৰ কোনো চৰকাৰী কর্মচাৰী উক্ত স্থানলৈ অহা নাই ৷ যদি আজি নিশালৈকে বৰষুণ দি থাকে তেনেহলে মথাউৰি চিঙি সমগ্র অঞ্চলটো বুৰাই পেলোৱাৰ সম্ভাৱনা বেছি ৷

প্রেৰক তপন কুমাৰ শর্মা

You might also like