নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগীৰোডৰ নেলী আৰু গোভাৰ বানসমস্যাৰ বুঁজ ললে মন্ত্ৰী পীযুষ হাজৰিকাই

আহিনমহীয়া বানে বুৰালে জাগীৰোডৰ অৰ্ধশতাধিক গাঁও

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ  আহিনমহীয়া নেৰানেপেৰা বৰষুণ আৰু মেঘালয়ৰ বৰাপানীৰ উমিয়াম নৈত থকা বান্ধৰ পানী এৰি দিয়াৰ  ফলত কিলিং নৈ উফন্দি উঠাত এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে জাগীৰোডৰ নেলী আৰু গোভা অঞ্চলত ৷ উমিয়াম নৈৰ বান্ধৰ পানীয়ে কিলিং নৈৰ জলপৃষ্ঠ বৃদ্ধি কৰাৰ ফলত জাগীৰোড সমষ্টিৰ প্ৰায় অৰ্ধশতাধিক গাঁও প্লাবিত হৈছে ৷ নেলী, আমলিঘাট, গোভা, কুঠুৰী, সোনাইকুছি, ডাবৰঘাট আদি অঞ্চল সম্প্ৰতি বানৰ কৱলত।  কেইবাটাও পথৰ ওপৰেৰে বাগৰিছে পানী ৷ আমলিঘাট-গোভা সংযোগী পথৰ লগতে আন কেইবাটাও পথ বুৰাই পেলোৱাৰ ফলত যোগাযোগ বিছিন্ন হৈ  আছে। একাঠু-এবুকু পানীৰ মাজেৰে বিপদসংকুল ভাৱে অব্যাহত ৰাখিছে যাতায়াত ৷ বহু গৃহ আধাতকৈ বেছি অংশ ডুব যোৱাত ৰাইজৰ সা-সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হৈছে ৷ এই আহিনমহীয়া বানে সহস্ৰাধিক পৰিয়ালক ক্ষতিগ্ৰস্ত কৰিছে। প্ৰায় শতাধিক পৰিয়ালে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আশ্ৰয় ল’বলৈ বাধ্য হৈছে।   নিশাৰ ভিতৰতে সৃষ্টি হোৱা বানে বিনষ্ট কৰিছে শ শ বিঘা কৃষিভূমিৰ লগতে নিবনুৱা যুৱক সকলে কৰা কলৰ খেতি ৷বানৰ কবলত পৰিছে দুগ্ধ বিপ্লৱৰ সূচনা কৰা সীতাজখলাৰ গো-পালক সকল ৷ গো-পালকৰ ঘৰ-গোহালীত একাঠু-এবুকু পানী ৷ প্ৰায় পাঁচ শতাধিক গো-ধন গোহালীৰ পৰা উলিয়াই আনিবলৈ বাধ্য হৈছে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথলৈ ৷

শনিবাৰে দুপৰীয়া স্থানীয় বিধায়ক তথা ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই দিল্লীৰ পৰা পোনে পোনে আহি কিলিং নৈৰ বানে প্লাৱিত কৰা অঞ্চলসমূহ মেচিন নাৱেৰে পৰিদৰ্শন কৰে আৰু আশ্ৰয় শিবিৰত থকা বন্যাৰ্তক বুঁজ লয় । ৰাজ্যিক  মন্ত্ৰীগৰাকীয়ে নিজাববীয়াকৈ বানাক্ৰান্তক সাহায্য প্ৰদান কৰাৰ লগতে প্ৰশাসনৰ তৰফৰ বান-সাহায্য প্ৰদান কৰাৰো ব্যৱস্থা গ্ৰহন কৰে।  বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি মন্ত্ৰী পীযুষ হাজৰিকাই  সাংবাদিকৰে হোৱা মত বিনিময়ত ৰাজ্যৰ আঞ্চলিক দল আৰু নেতাক সমালোচনা কৰে ৷ আঞ্চলিক দলে বিজেপিৰ একো ক্ষতি সাধন কৰিব নোৱাৰে আৰু এইবোৰ দল হাৱাত আহিছে, হাৱাত গুচি যাব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ এইসমূহ দলৰ নেতাই ২০০ পৰা ৭০০ ভোটহে লাভ কৰিব আৰু নিৰ্বাচনৰ পিছত পুনৰ বিজেপিত যোগদানৰ চেষ্টা চলাব বুলি মন্তব্য কৰে ৷ তদোপৰি সকলো নেতাৰ আদৰ্শ বেলেগ বেলেগ  হোৱা বাবে অসমৰ  আঞ্চলিক দল সমূহ কেতিয়াও একত্ৰিত হব নোৱাৰে বুলি দৃঢ়তাৰে কয়  ৷ এই দল সমূহৰ নেতাই কোনোবাই ব্লেকমেইলিং কৰে, কোনোবাই চান্দা উঠায়, আন কোনোবাই আকৌ মানুহক ধমক দিয়ে বুলিও কটাক্ষ কৰে । 

You might also like