নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৮ ছেপ্টেম্বৰৰ পৰা পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ আন্দোলন ঘোষণা; মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ বিগত এঘাৰ বছৰেও চাকৰিৰ নিয়মীয়াকৰণ নোহোৱাত অসমৰ পঞ্চায়তসমূহৰ ঠিকা ভিত্তিক কৰ্মচাৰীসকলে অৱশেষত আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিবলৈ বাধ্য হৈ পৰিছে। উল্লেখ্য যে ২০০৯ বৰ্ষৰ পৰাই গাঁও পঞ্চায়তসমূহত কৰ্মৰত হৈ আছে ঠিকাভিত্তিক কৰ্মচাৰী সকল। দীৰ্ঘকালে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি অহাৰ পাছতো চাকৰি সুৰক্ষিত নোহোৱাত বাৰুকৈয়ে ক্ষোভিত হৈ পৰিছে কৰ্মচাৰীসকল। অতি কম পৰিমাণৰ পাৰিতোষিকৰ বিনিময়ত জীৱনৰ অমূল্য সময় অতিবাহিত কৰা এইসকল গ্ৰামোন্নয়নৰ লগত জড়িত কৰ্মচাৰীয়ে দিন- ৰাতি একাকাৰ কৰি কাম কৰি আহিছে। চৰকাৰৰ প্ৰতিটো উন্নয়নমূক কামত নিয়োজিত হৈ অহাৰ উপৰি শেহতীয়াকৈ কভিড- ১৯, বানপানী, অৰুণোদয় আঁচনি আদিতো কাম কৰি আহিছে এইসকল দুৰ্ভগীয়া কৰ্মচাৰীয়ে। চৰকাৰক অনুনয়- বিনুনয় তথা বাৰম্বাৰ তেওঁলোকৰ ন্যায্য দাবীসম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰি আহিছে যদিও চৰকাৰে অদ্যাপি কোনোধৰণৰ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।

উল্লেখ্য যে বিভাগটোৰ মুখ্য সচিব জে বি এক্কাৰ সঞ্চালনাত ২০১৯ বৰ্ষৰ ১৪ অক্টোবৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তৰ কায্যলয়ত উক্ত কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া দাবী সন্দৰ্ভত এক দ্বি-পাক্ষিক আলোচনাও অনুষ্ঠিত হৈছিল। উক্ত আলোচনা মৰ্মে ২০১৯ বৰ্ষৰ ১৬ নবেম্বৰৰ ভিতৰত চাৰকি সুৰক্ষিত কৰা, স্বাস্থ্য বীমা সংযোজন কৰা, প্ৰতিবছৰে ১০ শতাংশকৈ দৰমহা বৃদ্ধি কৰা, প্ৰতিগৰাকী কৰ্মচাৰীৰ ক্ষেত্ৰত পি এফ্/ ই পি এফ্/ চি পি এফ প্ৰযোজ্য কৰা আৰু যোগ্যতা আৰু অভিজ্ঞতাৰ ভিত্তিত গ্ৰামোন্নয়ন বিভাগত খালী হৈ থকা চাকৰিত নিযুক্তি দিয়া হ’ব বুলিও লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু ইয়াৰ এটা দফাও কাৰ্যকৰী নোহোৱাত স্বাভাৱিকতেই ক্ষুভিত হৈ পৰিছে কৰ্মচাৰীসকল। আনহাতেদি বিভাগটোৱে ১ হাজাৰ ৪ টা পদৰ বিপৰীতে বিজ্ঞাপন প্ৰকাশ কৰিছে যদিও বিগত ৫ বছৰৰ পৰা ১১ বছৰ পৰ্যন্ত কামৰ অভিজ্ঞতা থকা কৰ্মচাৰীসকলৰ চাকৰি সুৰক্ষিত হোৱাৰ সম্ভাৱনা নাই। কাৰণ, ইতিমধ্যেই তাৰে বহুতৰ বয়স ওকলি যোৱাত আবেদন কৰাৰ পৰাও বঞ্চিত হ’ব লগা হ’ল। প্ৰবল বঞ্চনা আৰু মিছা প্ৰতিশ্ৰুতি দি অহাৰ লগতে কথা দি কথা নৰখাৰ বাবে কৰ্মচাৰীসকলৰ দ্বাৰা গঠিত ‘পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদ’ৰ তিনিচুকীয়া জিলা সমিতিয়ে অহা ২৮ ছেপ্টেম্বৰৰ পৰা এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে। সেই অনুসৰি তেওঁলোকে একত্ৰিত হৈ ২৮ আৰু ২৯ ছেপ্টেম্বৰ তাৰিখে ক’লা বেজ পৰিধান কৰি কাম কৰিব, ৩০ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰত প্ৰতিটো উন্নয়ন খণ্ডৰ কাৰ্যালয়ত অৱস্থান ধৰ্মঘট পালন কৰাৰ লগতে ২ অক্টোবৰৰ গান্ধী জয়ন্তীৰ দিনাও জিলাখনৰ ৩০৪ জন কৰ্মচাৰীয়ে এক লগ হৈ তিনিচুকীয়া জিলা পৰিষদৰ কাৰ্যালয়ত অৱস্থান ধৰ্মঘট পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

পঞ্চায়তত ঠিকাভিত্তিক কৰ্মচাৰী হিচাপে কাম কৰি অহা গ্ৰাম ৰোজগাৰ সহায়ক, কম্পিউটাৰ সহায়ক, গাণনিক সহায়ক, গাঁও পঞ্চায়ত সমন্বয়ক আৰু স্বীকৃতিপ্ৰাপ্ত অভিযন্তাকে ধৰি পাচঁটা পদৰ কৰ্মচাৰীসকলে কাম নকৰিলে অচল হৈ পৰিব গ্ৰামোন্নয়ন বিভাগ। ইতিমধ্যে জিলাখনৰ প্ৰতিগৰাকী বিধায়ক, উপায়ুক্ত, মুখ্য কাৰ্যবাহী বিষয়া, খণ্ড উন্নয়ন বিষয়া, গাঁও পঞ্চায়তৰ সভাপতি/ সচিবৰ লগতে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সভাপতিসকলকো দাবী সম্বলিত একোখন স্মাৰক পত্ৰ প্ৰদান কৰে সংগঠনটোৱে। মনকৰিবলগীয়া যে অন্যান্য বিভাগে ৰূপায়ণ কৰা প্ৰস্তাৱৰ প্ৰতিলিপি গাঁঠি দি উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰী, বিত্ত মন্ত্ৰী, গ্ৰামোন্নয়ন মন্ত্ৰী, মুখ্য সচিব আৰু আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছে। ইফালে ইয়াৰ পিছতো যদি এইসকল কৰ্মচাৰীয়ে কোনোধৰণৰ জীয়াই থকাৰ বাট বিচাৰি নাপাই তেন্তে অনিদিষ্টকালিনভাৱে কৰ্মবিৰতি পালন কৰিব বুলিও এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিছে সংগঠনটোৰ মুখপাত্ৰ বিনন্দ মৰাণে। এই সমস্ত কাৰ্যসূচী তিনিচুকীয়াৰ লগতে অন্যান্য জিলাসমূহতো ক্ৰমানুসৰি ৰূপায়ণ হ’ব বুলি দৃঢ়তাৰে প্ৰকাশ কৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ ৰাজ্যিক উপদেষ্টা কুমুদ গগৈ আৰু কেন্দ্ৰীয় কায্যনিৰ্বাহক নিৰ্মল বুঢ়াগোঁহাইয়ে।

You might also like