নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাবাটত অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ বৰহোলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ দাসৰ নেতৃত্বত সুৰাবিৰোধী অভিযান তীব্ৰতৰ হৈ উঠাৰ পিছতে এই পৰ্যন্ত নগাবাট অঞ্চলৰ কেইবাটাও সুৰা বেপাৰী আৰক্ষীৰ জালত পৰিছে।

আজি সন্ধিয়া বৰহোলা আৰক্ষীয়ে নগাবাটৰ গোলাপ গগৈৰ ঘৰত অভিযান চলাই অবৈধভাৱে মজুত কৰি ৰখা বহু সংখ্যক দেশীয় মদ জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা গোলাপ গগৈয়ে অবৈধ সুৰা বিক্ৰী কৰি অঞ্চলটোৰ সামাজিক, শৈক্ষিক পৰিৱেশ বিনষ্ট কৰি আহিছিল।

ৰাইজৰ অভিযোগৰ ভিত্তিতে বৰহোলা আৰক্ষীয়ে অভিযান চলাই গোলাপ গগৈক হাতেলোটে ধৰিবলৈ সক্ষম হয়। বৰ্তমানেও নগাবাট, পানীখেতি, শুকানজান, নাগিনীজুৰি অঞ্চলৰ বহু কেইটা বেপাৰীয়ে গোপনে অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে বুলি জানিব পৰা গৈছে।

অবৈধ সুৰা ব্যৱসায়ীক কোনো কাৰণতেই ৰেহাই দিয়া নহ’ব বুলি আৰক্ষী বিষয়া ৰাজীৱ দাসে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰিছে। বৰহোলা আৰক্ষীৰ এনে কঠোৰ পদক্ষেপক আজি নগাবাটৰ ৰাইজে শলাগ লোৱা পৰিলক্ষিত হৈছে।

You might also like